Class 8 General Science Text Book Question Answer
(Jatiya Vidyalaya Syllabus)
অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ
(জাতীয় বিদ্যালয় পাঠ্যক্ৰম)
বিষয় : নতুন বিজ্ঞান
অধ্যায়- 2
অণুজীৱ
(Microbes)
প্ৰশ্নাৱলী
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i) ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদাৰ্থবিধ হ’ল-
a) চেনি b) সুৰা
c) অক্সিজেন d) হাইড্ৰ’ক্লৰিক এছিড
উত্তৰ- b) সুৰা।
ii) তলত দিয়াসমূহৰ কোনটো প্ৰতিজৈৱিক?
a) ছ’ডিয়াম বাইকাৰ্বনেট b) ষ্ট্ৰেপট’মাইচিন
c) সুৰা d) ইষ্ট
উত্তৰ- b) ষ্ট্ৰেপট’মাইচিন।
iii) মেলেৰিয়াৰ বীজাণু প্ৰ’ট’য’ৱাটোৰ বাহক হ’ল-
a) মাখি b) পখিলা
c) মাইকী এনোফিলিচ মহ d) পঁইতাচোৰা
উত্তৰ- c) মাইকী এনোফিলিচ মহ।
iv) সোঁচৰা ৰোগসমূহৰ অতি উল্লেখনীয় বাহক হ’ল-
a) পৰুৱা b) মাখি
c) মকৰা d) জিঞা পোক
উত্তৰ- b) মাখি।
v) পাউৰুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হ’ল-
a) তাপ b) হাতেৰে খচা
c) ইষ্টৰ বৃদ্ধি d) গুৰি কৰা
উত্তৰ- c) ইষ্টৰ বৃদ্ধি।
2. খালী ঠাই পূৰ কৰা :
i) অণুজীৱ চাবলৈ আমাক _____ লাগে।
উত্তৰ- অণুজীৱ চাবলৈ আমাক অণুবীক্ষণ যন্ত্ৰ লাগে।
ii) নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে _____ সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
উত্তৰ- নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে নাইট্ৰ’জেন সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
iii) _____ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
উত্তৰ- ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
iv) কলেৰা বেমাৰটো _____ৰ দ্বাৰা সৃষ্টি হয়।
উত্তৰ- কলেৰা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।
v) ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি _____ ৰ দৰকাৰ।
উত্তৰ- ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি পোষকৰ দৰকাৰ।
3. অণুজীৱ খালি চকুৰে চাব পাৰিনে? যদি নোৱাৰি, কেনেকৈ চাব পাৰি?
উত্তৰ- অণুজীৱ খালী চকুৰে চাব নোৱাৰি। ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি।
4. অণুজীৱৰ প্ৰধান ভাগকেইটা কি কি?
উত্তৰ- অণুজীৱৰ প্ৰধান ভাগ চাৰিটা হ’ল- বেক্টেৰিয়া, ভেঁকুৰ, আদ্যপ্ৰাণী আৰু কেতবোৰ শেলাই।
5. বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবোৰৰ নাম লিখা।
উত্তৰ- বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াটোৰ নাম হ’ল ৰাইব’জিয়াম।
6. দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পৰ্কে দহশাৰীমান বাক্যত লিখা।
উত্তৰ- অতীজৰে পৰা মানুহে বিভিন্ন কাৰ্য্যত অণুজীৱক ব্যৱহাৰ কৰি আহিছে। এই ব্যৱহাৰ সমূহ চাৰি প্ৰকাৰত ভগাব পাৰি- ব্যৱসায়, চিকিৎসা, কৃষিক্ষেত্ৰ আৰু পৰিৱেশত।
লেক্ট’বেছিলাছ নামৰ এবিধ বেক্টেৰিয়াই গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰে। চিজ প্ৰস্তুতকৰণতো এইবিধ বেক্টেৰিয়া ব্যৱহাৰ হয়। সুৰা উৎপাদনত ইষ্টৰ ব্যৱহাৰ সৰ্বজনবিদিত। পাউৰুটী বনোৱাতো ইষ্ট নামৰ অণুজীৱ ব্যৱহৃত হয়। বিভিন্ন অসুখৰ প্ৰতিজৈৱিক প্ৰস্তুত কৰিবলৈও আজিকালি বেক্টেৰিয়া আৰু ভেঁকুৰৰ ব্যৱহাৰ কৰা হয়। কিছুমান নিৰ্দিষ্ট অণুজীৱ বিশেষভাৱে গজাই প্ৰতিজৈৱিকসমূহ প্ৰস্তুত কৰা হয়। মাটিৰ উৰ্বৰতা বৃদ্ধিত ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধৰ গুৰুত্ব অপৰিসীম। ই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গ্ৰহণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি কৰে। ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। অণুজীৱই পৰিৱেশত সৃষ্টি হোৱা জৈৱিক আৱৰ্জনাবোৰ পচাই সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। এইদৰে পৰিৱেশৰ অপকাৰী, দুৰ্গন্ধযুক্ত আবৰ্জনা আঁতৰি যায়, যাৰ ফলত পৰিৱেশ নিকা হয়।
7. অণুজীৱৰ অপকাৰিতা সম্পৰ্কে এটি চমু টোকা লিখা।
উত্তৰ- কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰাগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। সাধাৰণতে উশাহ-নিশাহ, খোৱা পানী আৰু আহাৰৰ জৰিয়তে আৰু ৰোগাক্ৰান্ত মানুহৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে বীজাণু আহিব পাৰে। এনে বীজাণু এজন স্বাস্থ্যবান ব্যক্তিৰ দেহত সোমালে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। উদাহৰণ স্বৰূপে কলেৰা, সাধাৰণ পানী লগা, মাজুআই, যক্ষ্মা ইত্যাদি। কিছুমান অণুজীৱই পশুৰ দেহতো ৰোগৰ সৃষ্টি কৰে। যেনে গৰু-ম’হৰ দেহত হোৱা এনথ্ৰাক্স ৰোগ এক মাৰাত্মক আৰু সংক্ৰামক ৰোগ। বেছিল্যাছ এনথ্ৰাচিছ নামৰ বেক্টেৰিয়াই এই ৰোগৰ সৃষ্টি কৰে। উদ্ভিদৰ দেহত জীৱাণুৱে সৃষ্টি কৰা ৰোগে শস্যৰ উৎপাদন হ্ৰাস কৰে।
কিছুমান অণুজীৱৰ প্ৰভাৱত খাদ্য নষ্ট বা বিষাক্ত হয়। তেনে খাদ্য খালে শৌচ-বমি হয়। তাকে খাদ্যৰ বিষক্ৰিয়া বোলে। আমাৰ খাদ্যৰ ওপৰত অণুজীৱই নিজৰ বংশ বৃদ্ধি কৰি খাদ্যত বিষাক্ত দ্ৰব্য নিঃসৰণ কৰে যাৰ ফলত খাদ্য বিষক্ৰিয়া হয়।
8. ভাইৰাছৰ বংশবৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?
উত্তৰ- ভাইৰাছৰ বংশবৃদ্ধিৰ কাৰণে পোষকৰ দৰকাৰ।
9. প্ৰতিজৈৱিক কি? প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা লাগে লিখা।
উত্তৰ- অসুখ হলে চিকিৎসকে লবলৈ উপদেশ দিয়া দৰববোৰে ৰোগ সৃষ্টিকাৰী বীজাণুবিলাক ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে। এই দৰববোৰকে প্ৰতিজৈৱিক বোলে।
অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শক্ৰমেহে প্ৰতিজৈৱিক সেৱন কৰিব লাগে। প্ৰয়োজন নথকাকৈ বা ভুল মাত্ৰাত ইয়াক কেতিয়াও গ্ৰহণ কৰিব নালাগে। অনাৱশ্যকীয়ভাৱে প্ৰতিজৈৱিক গ্ৰহণ কৰিলে শৰীৰৰ লাগতিয়াল বেক্টেৰিয়া ধ্বংস হয়।
10. স্তম্ভ A আৰু স্তম্ভ B মিলোৱা :
উত্তৰ-
A | B |
(i) বেক্টেৰিয়া | (e) কলেৰাৰ কাৰণ |
(ii) ৰাইজ’বিয়াম | (a) নাইট্ৰ’জেন সংযোজন |
(iii) লেক্ট’বেছিলাছ | (b) দৈ তৈয়াৰ |
(iv) ইষ্ট | (c) পাউৰুটি প্ৰস্তুত |
(v) এটা প্ৰ’ট’য’ৱা | (d) মেলেৰিয়াৰ কাৰণ |
(vi) এটা ভাইৰাছ | (f) এইডছৰ কাৰণ |