Class 6 Science Text Book Question Answers
(Govt. Schools)
ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ
(চৰকাৰী বিদ্যালয় পাঠ্যক্ৰম)
বিষয় : বিজ্ঞান
CHAPTER 2
খাদ্যৰ উপাদান
১. আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ
নাম উল্লেখ কৰা।
উত্তৰঃ-আমাৰ খাদ্যৰ প্ৰধান
পৰিপোষকসমূহৰ নাম হৈছে- কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন, স্নেহপদাৰ্থ,ভিটামিন আৰু খনিজ লৱণ।
২. তলত দিয়াবোৰৰ নাম উল্লেখ কৰাঃ
ক) আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান
পৰিপোষকসমূহ।
উত্তৰঃ-কাৰ্ব’হাইড্ৰেট আৰু
স্নেহ পদাৰ্থ
খ) আমাৰ শৰীৰত বৃদ্ধি আৰু ইয়াৰ পুনৰ
গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ।
উত্তৰঃ-প্ৰ’টিন আৰু খনিজ লৱণ।
গ) দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন
হোৱা ভিটামিনবিধ ।
উত্তৰঃ- ভিটামিন-A
।
ঘ) হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা
খনিজ পদাৰ্থবিধ।
উত্তৰঃ- কেলছিয়াম
৩। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ
প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
ক) স্নেহ পদাৰ্থ
উত্তৰঃ- মাংস, গাখীৰ।
খ) শ্বেতসাৰ
উত্তৰঃ-চাউল, ঘেঁহু।
গ) আঁহজাতীয় খাদ্য
উত্তৰঃ-গোটা শস্য, মাহজাতীয় শস্য।
ঘ) প্ৰ’টিন
উত্তৰঃ-পনীৰ, কণী।
৪। শুদ্ধ বাক্যটোত চিন()দিয়া ।
ক) কেৱল ভাত খালেই আমাৰ দেহৰ
প্ৰয়োজনীয় পৰিপুষ্টি হয়।
উত্তৰঃ-
খ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা
দিব পাৰে।
উত্তৰঃ-
গ) শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন
ধৰণৰ খাদ্যবস্তু থাকিব লাগে।
উত্তৰঃ-
ঘ) কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো
প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট।
উত্তৰঃ-
৫। খালী ঠাই পূৰ কৰাঃ
ক) ভিটামিন D ৰ অভাৱত ______ বেমাৰ হয়।
উত্তৰঃ-ৰিকেট।
খ) _____ ৰ অভাৱত বেৰিবেৰি
নামৰ এবিধ বেমাৰ হয়।
উত্তৰঃ- ভিটামিন B
গ) ভিটামিন c ৰ অভাৱত এটা বেমাৰ হয় যাক
____ বুলি কোৱা হয়।
উত্তৰঃ-স্কাৰ্ভি।
ঘ) আমাৰ খাদ্যত _____ ৰ অভাৱৰ বাবে
কুকুৰীকণা ৰোগ হয়।
উত্তৰঃ-ভিটামিন A