আঁহৰ পৰা কাপোৰলৈ(অধ্যায়-৩) CHAPTER 3 CLASS 6 SCERT

Class 6 Science Text Book Question Answers

(Govt. School)

ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ

(চৰকাৰী বিদ্যালয় পাঠ্যক্ৰম)

বিষয় : বিজ্ঞান


SCERT 6


CHAPTER-3 (অধ্যায়-৩)

আঁহৰ পৰা কাপোৰলৈ

১. তলত দিয়া আঁহবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণীবিভাগ কৰাঃ

নাইলন, ঊল,কপাহী,পাট,পলিয়েষ্টাৰ,মৰাপাট

উত্তৰঃ-

প্ৰাকৃতিক আঁহ

সাংশ্লেষিক আঁহ

ঊল,কপাহী,পাট,মৰাপাট

নাইলন,পলিয়েষ্টাৰ


 ২. তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা।

ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয়।

উত্তৰঃ- শুদ্ধ


খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া।

উত্তৰঃ- অশুদ্ধ


গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি

উত্তৰঃ- অশুদ্ধ


ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয়।

উত্তৰঃ-শুদ্ধ


ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়।

উত্তৰঃ-শুদ্ধ


চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়।

উত্তৰঃ-অশুদ্ধ


ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ।

উত্তৰঃ-অশুদ্ধ


৩।খালী ঠাই পূৰ কৰাঃ-

ক) উদ্ভিদজাত আঁহ _____ আৰু _____ ৰ পৰা আহৰণ কৰা হয়।

উত্তৰঃ-কপাহ আৰু মৰাপাট।


খ) প্ৰাণীজাত আঁহ হ______ আৰু _____

উত্তৰঃ-ঊণ আঁহ আৰু পাটৰ আঁহ


৪. কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়?

উত্তৰঃ- কপাহ গছৰ ফলৰ পৰা হয় আৰু মৰাপাট আঁহ মৰাপাটৰ গা-গছ বা কাণ্ডৰ পৰা আহৰণ কৰা হয়।


৫. নাৰিকলৰ আঁহেৰে তৈয়াৰী ২টা সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰঃ- নাৰিকলৰ আঁহেৰে মজিয়াত পৰা দলিচা আৰু ৰছী তৈয়াৰ কৰা হয়।


৬. আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো বাখ্যা কৰা।

উত্তৰঃ-আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটোক সূতাকটা বুলি কোৱা হয়। এই পদ্ধতিটোক এটা কপাহৰ জোলাৰ পৰা আঁহবোৰ একেলগ কৰি সূতালৈ পৰিণত কৰে।

    এটা সৰল সঁজুলি সূতা কাটিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াক টাকুৰী বোলে।হাতেৰে সূতা কাটিবলৈ ব্যৱহাৰ কৰা আন এটা সঁজুলি হৈছে যঁতৰ।


Post a Comment

New comments are not allowed.*

Previous Post Next Post