ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য
আমি বসবাস কৰা দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। আমাৰ দেশখন সূচাৰুৰূপে পৰিচালিত হ’বলৈ কিছুমান বিধি-বিধানৰ প্ৰয়োজন। দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে থকা বিধি-বিধানক একেলগে সংবিধান বুলি কোৱা হয়।
ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম আছিল ডক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। লগতে খচৰা সমিতিখনৰ সভাপতি আছিল ডক্তৰ বি.আৰ. আম্বেদকাৰ।
১৯৪৯ চনৰ ২৬ নবেম্বৰত সংবিধান ৰচনাৰ কাম শেষ কৰি সভাপতিয়ে স্বাক্ষৰ কৰাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয়। সেইবাবেই প্ৰতিবছৰে ২৬ জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।
ভাৰতীয় সংবিধানৰ কেইটামান বৈশিষ্ট্য:-
ক) ভাৰতীয় সংবিধানখন লিখিত সংবিধান।
খ) ভাৰতীয় সংবিধানখনেই পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান। ইয়াক মুঠ ২২ টা অধ্যায়ত ভাগ কৰা হৈছে।
গ) জটিল আৰু সহজ পদ্ধতিৰ সংমিশ্ৰণৰে সংবিধানখন ৰচনা কৰা হৈছে।
ঘ) সাৰ্বভৌম সমাজবাদী ধৰ্মনিপৰেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে সংবিধানখনে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে।
ঙ) এক নাগৰিকত্বৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
চ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
মৌলিক অধিকাৰ:
ভাৰতীয় সংবিধানে নাগৰিকসকলৰ বাবে ছয় প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিছে।
ক) সমতাৰ অধিকাৰ
খ) স্বাধীনতাৰ অধিকাৰ
গ) শোষণৰ বিৰুদ্ধে অধিকাৰ
ঘ) ধৰ্মীয় অধিকাৰ
ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
চ) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য:-
১৯৭৬ চনত ৪২ সংখ্যক সংবিধান সংশোধনৰ জৰিয়তে দহবিধ মৌলিক কৰ্তব্য সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৫১(ক) নং অনুচ্ছেদত লিপিবদ্ধ কৰা হৈছে। তদুপৰি ২০০২ চনত ৮৬তম সংবিধান সংশোধনৰ জৰিয়তে ৫১(ক) নং অনুচ্ছেদত আৰু এটা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে। সেয়ে সম্প্ৰতি ভাৰতীয় নাগৰিকৰ মুঠ মৌলিক কৰ্তব্য হৈছে এঘাৰটা। এইকেইটা হৈছে-
১। সংবিধান মানি চলা আৰু ইয়াৰ সকলো আদৰ্শ আৰু সংস্থা তথা ৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক শ্ৰদ্ধা কৰা।
২। স্বাধীনতাৰ লাভৰ বাবে লোৱা জাতীয় আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা।
৩। ভাৰতীয় সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা, তাক অক্ষুন্ন ৰখা।
৪।দেশখনক ৰক্ষা কৰা, দেশমাতৃৰ আহ্বানক্ৰমে জাতীয় সেৱা আগবঢ়োৱা।
৫। ভাৰতৰ সকলো লোকৰ মাজত, ধৰ্মীয় ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য অতিক্ৰম কৰি সম্প্ৰতি আৰু সামূহিক ভাতৃভাৱ বৃদ্ধি কৰা, নাৰীৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।
৬। আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা।
৭। বন, হ্ৰদ, নদী আৰু বন্যজীৱকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা, তথা সকলো জীৱিত-প্ৰাণীৰ প্ৰতি দায়বদ্ধ ৰখা। বৈজ্ঞানিক দৃষ্টিভংগী, মানবতাবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাবৰ বিকাশ সাধন কৰা।
৮। ৰাজহুৱা সা-সম্পত্তিক সুৰক্ষা দিয়া আৰু হিংসা পৰিহাৰ কৰা।
৯। ব্যক্তিগত আৰু সামূহিক কাম-কাজৰ সকলো ক্ষেত্ৰতে উৎকৰ্ষ সাধনৰ বাবে প্ৰয়াস কৰা যাতে ৰাষ্ট্ৰই ক্ৰমবৰ্ধনভাবে প্ৰগতি আৰু সফলতাৰ উচ্চতৰ পৰ্যায়ত আগুৱাই যায়।
১০। অভিভাৱক সকলে তেওঁলোকৰ ৬ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ শিক্ষাগ্ৰহণৰ সুযোগ ব্যৱস্থা কৰা।
১১। শেষৰ মৌলিক কৰ্তব্যটো ৭৬তম সংবিধান সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছে। এই কৰ্তব্যসমূহ ন্যায়লয়ৰ দ্বাৰা সাব্যস্ত কৰিবৰ বাবে কোনো ব্যৱস্থা নাই। এই মৌলিক কৰ্তব্যসমূহ অমান্য কৰিলে নাগৰিকে কেনে ধৰণৰ শাস্তি ভোগ কৰিব তাৰো কোনো উল্লেখ নাই। গতিকে এই কৰ্তব্যসমূহক কিছুমান বিমূৰ্ত ধৰণৰ বুলিয়েই ক’ব পাৰি। অৱশ্যে এই কৰ্তব্যসমূহৰ সংযোজনে নাগৰিকৰ মনত সচেতনতা আৰু কৰ্তব্য পৰায়ণতা বৃদ্ধি কৰিব পাৰে।