Class 6 Social Science Text Book
Question Answer
(Jatiya Vidyalaya Syllabus)
ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ
(জাতীয় বিদ্যালয় পাঠ্যক্ৰম)
বিষয় : সমাজ বিজ্ঞান
প্ৰথম অধ্যায়
অসমৰ ইতিহাস
প্ৰাগ্ঐতিহাসিক
যুগৰ পৰা দ্বাদশ শতিকালৈ
অনুশীলনী
১। একোটিকৈ বাক্যত উত্তৰ লিখা।
(ক) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ?
উত্তৰ= প্ৰাগজ্যোতিষ
ৰাজ্যৰ ৰাজধানীখনৰ নাম প্ৰাগজ্যোতিষপুৰ।
(খ) ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য
প্ৰতিষ্ঠা কৰা বুলি লিখা আছে ?
উত্তৰ= ৰামায়ণত কুশ
ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে।
(গ) কৰতোৱা নদীখন বৰ্তমান কোন দেশৰ অন্তৰ্গত ?
উত্তৰ= কৰতোৱা নদীখন
বৰ্তমান বাংলাদেশৰ অন্তৰ্গত।
(ঘ) কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ
সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে ?
উত্তৰ= কামাখ্যা
দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কালিকা পূৰাণত উল্লেখ আছে।
(ঙ) ৰতিদেৱী কোন ?
উত্তৰ= ৰতিদেৱী
কামদেৱৰ পত্নী।
২। প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি ?
উত্তৰ= ‘প্ৰাগ’ শব্দৰ অৰ্থ হ’ল ‘পূব’, ‘জ্যোতিষ’ মানে ‘গ্ৰহ-নক্ষত্ৰৰ অৱস্থান
সম্পৰ্কে কৰা অধ্যয়ন’ আৰু ‘পুৰ’ মানে ‘নগৰ’। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ।
৩। ‘অসম’ নামৰ উৎপত্তিৰ
সম্পৰ্কে থকা দুটি মত আগ বঢ়োৱা।
উত্তৰ= ‘অসম’ নামৰ উৎপত্তিৰ সম্পৰ্কে থকা মত দুটি হ’ল -
ক)
১২২৮ চনত অহা টাই-আহোম জাতিৰ হাতলৈ কামৰুপৰ শাসনভাৰ গৈছিল। তেওঁলোকক আহোম, অহম আদি
নামেৰে কোৱা হৈছিল বাবেই এই ৰাজ্যখনে ‘অসম’ নাম পালে।
খ) কোনো কোনো পণ্ডিতৰ মতে আকৌ কামৰুপ
ৰাজ্য পৰ্বত-পাহাৰেৰে ভৰা অসমান ৰাজ্য। সেইবাবেই ইয়াৰ নাম ‘অসম’ হ’ল।
৪।
প্ৰাচীন কামৰুপ ৰাজ্যক কেইভাগত ভাগ কৰা হৈছে ? ভাগকেইটা কি
কি ? ভাগকেইটাৰ বিস্তৃতি উল্লেখ কৰা।
উত্তৰ= যোগিনীতন্ত্ৰ অনুযায়ী পুৰণি
কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল। সেই ভাগকেইটা আৰু তাৰ বিস্তৃতি আছিল
এনেধৰণৰ—
১)
ৰত্নপীঠ : কৰতোৱা নদীৰ পৰা
সোণকোষ নদীলৈ।
২)
কামপীঠ : সোণকোষ নদীৰ পৰা ৰূপহী
নদীলৈ।
৩)
স্বৰ্ণপীঠ : ৰূপহী নদীৰ পৰা ভৰলী
নদীলৈ।
৪) সৌমাৰপীঠ : ভৰলী নদীৰ পৰা দিকৰাই বা দিক্ৰং
নদীলৈ।
অনুশীলনী
১। উত্তৰ
লিখা।
(ক) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ?
উত্তৰ= দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহীৰঙ্গ দানৱ।
(খ) নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?
উত্তৰ= নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ভৌম বংশ।
(গ) প্ৰাগজ্যোতিষ ৰাজ্যত কোন গোষ্ঠীৰ লোকসকলক
‘কিৰাত’ বুলি কোৱা
হৈছিল ?
উত্তৰ= প্ৰাগজ্যোতিষ ৰাজ্যত মঙ্গোলীয় গোষ্ঠীৰ বড়ো লোকসকলক ‘কিৰাত’ বুলি কোৱা হৈছিল।
(ঘ) ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পক্ষ লৈ
যুদ্ধ কৰিছিল ?
উত্তৰ= ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল।
(ঙ) যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ’ৰ ঘোঁৰা
বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি ?
উত্তৰ= যুধিষ্ঠিৰৰ ‘অশ্বমেধ
যজ্ঞ’ৰ ঘোঁৰা বন্দী কৰি থোৱা
কামৰূপৰ ৰজাজনৰ নাম বজ্ৰদত্ত।
২।
অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম লিখা।
উত্তৰ= অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম হ’ল - হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ।
৩।
চমু টোকা লিখা।
(ক) মহীৰঙ্গ দানৱ (খ) নৰকাসুৰ (গ) ভগদত্ত
উত্তৰ= (ক) মহীৰঙ্গ দানৱ= প্ৰাগজ্যোতিষ ৰাজ্যত ৰাজত্ব কৰা
ৰজাসকলৰ ভিতৰত মহীৰঙ্গ দানৱ নামৰ এজন বিখ্যাত ৰজা আছিল। এওঁ দানৱ বংশৰ প্ৰথম ৰজা।
গুৱাহাটী মহানগৰৰ পৰা দক্ষিণ দিশেৰে গৈ সাত মাইল দূৰত ছিলং-গুৱাহাটী পথৰ দাঁতিত ‘ময়ৰঙ্গ পৰ্বত’ নামৰ এখন পাহাৰ আছে। এই ময়ৰঙ্গ
পৰ্বতৰ নাম মহীৰঙ্গ দানৱৰ নামানুসাৰে হোৱা বুলি পণ্ডিলসকলে অনুমান কৰে। মহীৰঙ্গ
দানৱৰ উত্তৰাধিকাৰীসকলক অসুৰ বুলি জনা গৈছিল।
(খ) নৰকাসুৰ= নৰকাসুৰ বৰ প্ৰৱল প্ৰতাপী ৰজা
আছিল। এওঁৰ বংশটোৰ নাম আছিল ভৌম বংশ। নৰকসুৰৰ ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদীৰ পৰা
পূবে দিক্কৰবাসিনী পৰ্য্যন্ত বিয়পি আছিল। ‘দিক্কৰবাসিনী’ মানে বৰ্তমানৰ শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাইখাঁতী
মন্দিৰ। বহুতো পণ্ডিতৰ মতে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু
মন্দিৰলৈ উঠা আলিবাটটো তেৱেঁই নিৰ্মাণ কৰিছিল। ৰাজত্বৰ শেষৰ ফালে নৰকাসুৰ অহংকাৰী
আৰু বিধৰ্মী হৈ পৰে। যাৰ ফলত তেওঁক দমন কৰিবলৈ দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহি উপস্থিত
হয় আৰু যুদ্ধ কৰি বধ কৰে। গুৱাহাটী মহানগৰৰ দক্ষিণে থকা ‘নৰকাসুৰ’ নামৰ পাহাৰখনেই নৰকাসুৰৰ স্মৃতি
বহন কৰি আছে।
(গ) ভগদত্ত= নৰকাসুৰৰ পুত্ৰ ভগদত্তও তেওঁৰ
পিতৃৰ দৰেই এজন প্ৰৱল প্ৰতাপী বীৰ ৰজা আছিল। এই ভগদত্তৰ জীয়াৰী ভানুমতীক মহাভাৰতৰ
ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে বিয়া কৰাইছিল। কথিত আছে যে ভানুমতীৰ সয়ম্বৰ উপলক্ষেই
গুৱাহাটী মহানগৰৰ মাজমজিয়াতে থকা ‘দীঘলীপুখুৰী’টো খন্দোৱা হৈছিল। মহাভাৰতত বৰ্ণিত
আছে যে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্যবাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ
কৰিছিল। এই যুদ্ধত তেওঁ বাৰ্ধক্য সত্তেও কেইবাদিনো প্ৰৱল প্ৰতাপেৰে যুদ্ধ কৰি অৱশেষত
অৰ্জুনৰ হাতত নিহত হয়।
অনুশীলনী
১।
কেৱল উত্তৰটো লিখা।
(ক) ‘ৰুক্মিনী হৰণ’ নাটকৰ ৰচক কোন ?
উত্তৰ= শ্ৰীমন্ত শংকৰদেৱ।
(খ) শিশুপাল ক’ৰ ৰজা ?
উত্তৰ= শিশুপাল ছেদী ৰাজ্যৰ
ৰজা।
(গ) বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন
ৰাজ্যখনৰ নাম কি ?
উত্তৰ= কুণ্ডিল্য বা বিদৰ্ভ
ৰাজ্য।
(ঘ) ভীষ্মকৰ ৰাজ্যখনৰ নাম কি ?
উত্তৰ= কুণ্ডিল্য।
(ঙ) ৰুক্মিনীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ
কৰা ৰাজপুৰোহিতগৰাকীৰ নাম কি ?
উত্তৰ= বেদনিধি।
(চ) ‘কুমাৰ হৰণ’ নামৰ কাব্য পুথিখনৰ ৰচক কোন?
উত্তৰ= চন্দ্ৰ ভাৰতী।
(ছ) ঊষা-অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে
ৰচনা কৰা কাব্য পুথিখনৰ নাম কি ?
উত্তৰ= ঊষা পৰিণয়।
(জ) বাণ ৰজাৰ উপাস্যদেৱতা কোন আছিল ?
উত্তৰ= শিৱ।
(ঝ) চিত্ৰলেখা কোন ?
উত্তৰ= ঊষাৰ সখীয়েক।
২।
বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয় ?
উত্তৰ= ঊষা-অনিৰুদ্ধৰ ঘটনাক
লৈ বাণ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিল। বাণ শিৱভক্ত আছিল বাবে বাণৰ হৈ শিৱ
যুদ্ধত অৱতীৰ্ণ হৈছিল। মানুহৰ মাজত কৃষ্ণক ‘হৰি’ আৰু শিৱ ‘হৰ’ নামে জনাজাত বাবে এই যুদ্ধক ‘হৰিহৰ’ৰ যুদ্ধ বুলি কোৱা হয়।
৩। চমু
টোকা লিখা।
(ক) বাণ ৰজা (খ) ভীষ্মক ৰজা
(গ) হৰিহৰৰ যুদ্ধ (ঘ) ৰুক্মিনী
উত্তৰ= (ক) বাণ ৰজা= নৰকাসুৰে কামৰূপ ৰাজ্যত ৰাজত্ব কৰি
থকা সময়ত শোণিতপুৰ ৰাজ্যত বাণ ৰজাই ৰাজত্ব কৰি আছিল। এই বাণ দৈত্যৰাজ বলিৰ পুত্ৰ।
এওঁ বৰ পৰাক্ৰমী ৰজা আছিল। এই বাণ ৰজাৰ লগতেই নৰকাসুৰৰ অন্তৰংগ বন্ধুত্ব আছিল। বাণ
শিৱভক্ত আছিল। বৰ্তমানৰ তেজপুৰ নগৰত থকা ‘মহাভৈৰৱ’ শিৱমন্দিৰ এৱেঁই নিৰ্মাণ কৰিছিল।
(খ) ভীষ্মক ৰজা= প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত থকা
সৌমাৰপীঠত কুণ্ডিল্য ৰাজ্য অৱস্থিত আছিল। এই কুণ্ডিল্য ৰাজ্যৰ ৰজা আছিল ভীষ্মক।
ভীষ্মক ৰজাৰ পুত্ৰৰ নাম ৰুক্মবীৰ আৰু জীয়ৰীৰ নাম ৰুক্মিণী আছিল। বেদনিধি ভীষ্মক
ৰজাৰ ৰাজপুৰোহিত আছিল। ভাগৱত-পুৰাণত ভীষ্মক ৰজা আৰু তেওঁৰ ৰাজ্য নাম বিদৰ্ভ বুলি
উল্লেখ আছে।
(গ) হৰিহৰৰ যুদ্ধ= বাণ ৰজাৰ জীয়েক ঊষা পৰমাসুন্দৰী
আছিল। ঊষা ডাঙৰ হোৱাত বাণে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ‘ঊষা নগৰ’ নামেৰে এখন নগৰ সাজি চাৰিওফালে
অগ্নিগড়েৰে বেৰি তাৰ ভিতৰত ঊষাক থাকিবলৈ দিছিল। কিন্তু এনেকৈ ৰখা সত্বেও ঊষাই
সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ কোঁৱৰক ‘গন্ধৰ্ব বিবাহ’ কৰে। এই খবৰ পাই বাণে অনিৰুদ্ধক
বন্দী কৰি থ’লে। শ্ৰীকৃষ্ণই এই কথা
গম পাই নাতিনীয়েকক উদ্ধাৰ কৰিবলৈ সসৈন্যে বাণ ৰজাৰ ৰাজ্যত উপস্থিত হ’ল। শ্ৰীকৃষ্ণৰ লগত বাণ ৰজাৰ যুদ্ধ
হ’ল। এই যুদ্ধত বাণৰ সপক্ষে
স্বয়ং শিৱ বা মহাদেৱেও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেইবাবে এই যুদ্ধক ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়।
(ঘ) ৰুক্মিণী= ভীষ্মক ৰজাৰ ৰুক্মিণী নামৰ এগৰাকী
দীপলিপ জীয়াৰী আছিল। কথিত আছে যে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নি
বিবাহ কৰিছিল। এই ৰুক্মিণীকে ককায়েক ৰুক্মবীৰে ছেদী ৰাজ্যৰ ৰজা শিশুপালৰ লগত বিয়া
দিয়াৰ কথা ভাবিছিল। কিন্তু ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণকহে স্বামীৰূপে পাবলৈ
আশা কৰিছিল। সেয়ে তেওঁ ৰাজপুৰোহিত বেদনিধিৰ হতুৱাই এই বাৰ্তা গোপনে শ্ৰীকৃষ্ণলৈ
প্ৰেৰণ কৰে। শ্ৰীকৃষ্ণয়ো এই প্ৰস্তাৱত মান্তি হ’ল আৰু ৰুক্মিণীক সয়ম্বৰ সভাৰ পৰা
হৰণ কৰি লৈ যায়। এই সম্পূৰ্ণ বিবাহৰ ঘটনাক লৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘ৰুক্মিণী হৰণ’ নাটক ৰচনা কৰে।
অনুশীলনী
১। একোটিকৈ বাক্যত উত্তৰ লিখা।
(ক) বৰ্মন বংশৰ
প্ৰতিষ্ঠাতা কোন ?
উত্তৰ= বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মন।
(খ) বৰ্মন বংশৰ
সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰ= বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম
ভাস্কৰ বৰ্মন।
(গ) হংসবেগ কোন
?
উত্তৰ= হংসবেগ ভাস্কৰ বৰ্মনৰ
এজন কটকী আছিল।
(ঘ) হৰ্ষবৰ্ধনে
ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি ?
উত্তৰ= হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ
নাম থানেশ্বৰ।
(ঙ) শশাংক কোন
ৰাজ্যৰ ৰজা আছিল ?
উত্তৰ= শশাংক বংগদেশৰ গৌড়
ৰাজ্যৰ ৰজা আছিল।
(চ) ভাস্কৰাব্দ মানে
কি ?
উত্তৰ= ৫৯৪ খ্ৰী.ত ভাস্কৰ বৰ্মনে সিংহাসনত
আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে। এই নতুন চনটোৱেই ভাস্কৰাব্দ।
(ছ) হিউৱেনচাঙে লিখা
ভ্ৰমণ কাহিনীখনৰ নাম কি ?
উত্তৰ= হিউৱেনচাঙে লিখা ভ্ৰমণ কাহিনীখনৰ
নাম ‘চি-উ-কি’।
(জ) শালস্তম্ভ বংশৰ
প্ৰতিষ্ঠাতা কোন ?
উত্তৰ= শালস্তম্ভ বংশৰ
প্ৰতিষ্ঠাতা অৱন্তিকুমাৰ বা শালস্তম্ভ।
(ঝ) ৰাজ্যমতীক কালৈ
বিয়া দিয়া হৈছিল ?
উত্তৰ= ৰাজ্যমতীক নেপালৰ ৰজা
জয়দেৱলৈ বিয়া দিয়া হৈছিল।
(ঞ) নেপালত থকা
পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ= নেপালত থকা পশুপতি
মন্দিৰ ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল।
(ট) শালস্তম্ভসকলৰ
ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ= শালস্তম্ভসকলৰ ৰাজধানী
চহৰখনৰ নাম হৰুপেশ্বৰ।
(ঠ) পাল বংশৰ
প্ৰতিষ্ঠাতা কোন ?
উত্তৰ= পাল বংশৰ প্ৰতিষ্ঠাতা
ব্ৰহ্মপাল।
(ড) কোনজন ৰজাৰ
ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ-কমতা নামেৰে পৰিচিত হয়
?
উত্তৰ= সন্ধ্যা ৰজাৰ
ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ-কমতা নামেৰে পৰিচিত হয়।
(ঢ) ‘দুৰ্জ্জয়’ নগৰলৈ কোনজন ৰজাই
ৰাজধানী স্থানান্তৰিত কৰিছিল ?
উত্তৰ= পাল বংশৰ ৰত্নপাল নামৰ
ৰজাগৰাকীয়ে ‘দুৰ্জ্জয়’ নগৰলৈ ৰাজধানী স্থানান্তৰিত
কৰিছিল।
২। চমু টোকা লিখা।
(ক) ৰাজ্যমতী (খ) অমৃতপ্ৰভা (গ) শ্ৰীহৰ্ষ
(ঘ) পুষ্যবৰ্মন (ঙ) হিউৱেনচাং
উত্তৰ= (ক)
ৰাজ্যমতী=
ৰাজ্যমতী শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েক আছিল। নেপালৰ ৰজা
জয়দেৱে ৰাজ্যমতীক বিয়া কৰাইছিল। মহাৰাণী ৰাজ্যমতীয়ে নেপালত বিখ্যাত ‘পশুপতি মন্দিৰ’ নিৰ্মাণ কৰাইছিল।
(খ) অমৃতপ্ৰভা= কলহনৰ ‘ৰাজতৰঙ্গিনী’ নামৰ গ্ৰন্থত উল্লেখ থকা মতে
অমৃতপ্ৰভা সম্ভৱতঃ বলবৰ্মনৰ জীয়াৰী আছিল। কাশ্মীৰৰ ৰজা মেঘবাহনে অমৃতপ্ৰভাক সয়ম্বৰ
সভাত বিয়া কৰাইছিল। তেওঁৰ লগত স্তুনপা নামৰ এজন বৌদ্ধ ধৰ্মগুৰুক কাশ্মীৰলৈ লৈ
গৈছিল। অমৃতপ্ৰভাই কাশ্মীৰত ‘অমৃত
ভৱন’ নামৰ বিদেশী
ভিক্ষুকসকলৰ বাবে এটা বৌদ্ধবিহাৰ নিৰ্মাণ কৰাইছিল।
(গ) শ্ৰীহৰ্ষ= পুৰণি কামৰূপ ৰাজ্যত ৰাজত্ব কৰা শালস্তম্ভ
বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা। শ্ৰীহৰ্ষৰ ৰাজ্যৰ ৰাজধানী
আছিল হৰুপেশ্বৰ। তেওঁৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। শ্ৰীহৰ্ষৰ
মৃত্যুৰ পাছত তেওঁ স্থাপন কৰা বিশাল সাম্ৰাজ্যত ভাঙোন আৰম্ভ হয় আৰু কামৰুপৰ গৌৰৱ
ভালেখিনি হ্ৰাস হয়।
(ঘ) পুষ্যবৰ্মন= কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মন
বংশৰ আদি ৰজা আছিল পুষ্য বৰ্মন। এওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।
সমুদ্ৰগুপ্তৰ ‘এলাহবাদ প্ৰশস্তি’ত কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাৱে
পোনপ্ৰথমে উল্লেখ কৰাৰ কথা পোৱা গৈছে। ইয়াৰ পৰাই পুষ্য বৰ্মনে ৰাজত্ব কৰা কামৰূপ
ৰাজ্য এখন সমৃদ্ধিশালী ৰাজ্য আছিল বুলি প্ৰমাণিত হয়। পুষ্য বৰ্মনৰ নাতি বলবৰ্মনো
এজন উল্লেখযোগ্য ৰজা আছিল।
(ঙ) হিউৱেনচাং= হিউৱেনচাং এগৰাকী চীনা পৰিব্ৰাজক
আছিল। নালন্দা বিশ্ববিদ্যালয়ত থকা সময়ত ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণক্ৰমে হিউৱেনচাং
কামৰূপলৈ আহিছিল। এওঁ এমাহৰো অধিক সময় কামৰূপত আছিল। হিউৱেনচাঙে ভাৰত ভ্ৰমণৰ
কাহিনী ‘চি-উ-কি’ নামৰ গ্ৰন্থত লিখি থৈ গৈছে। তাত
আমাৰ এই কামৰূপ ৰাজ্যৰ বিৱৰণো লিখা আছে।
৩। এলাহবাদ শিলালিপিৰ গুৰুত্ব কি ?
উত্তৰ= এলাহবাদ শিলালিপিত
কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাৱে পোনপ্ৰথমে উল্লেখ পোৱা যায়। এই এলাহবাদ
প্ৰশস্তিতে অসমত ‘ডবাক’ নামৰ এখন ৰাজ্য থকাৰ উল্লেখ আছে।
৪। মুছলমানৰ প্ৰথম আক্ৰমণৰ এটি ফলাফল লিখা।
উত্তৰ= কামৰূপৰ ৰজা পৃথ্বু
ৰজাৰ দিনত ১২০৬ খ্ৰি.ত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল। পৃথ্বু ৰজাই
বখতিয়াৰ খিলিজিৰ সৈতে হোৱা যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্যতে
নিগাজীকৈ থকাৰ ব্যৱস্থা কৰি দিয়ে। এয়াই অসমলৈ মুছলমানসকলৰ প্ৰথম আগমন।
৫। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা
চাৰিটা সমলৰ নাম লিখা।
উত্তৰ= ভাস্কৰ বৰ্মনৰ
ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা চাৰিটা সমলৰ নাম হ’ল – ডুবি, নিধানপুৰ তামৰফলিৰ উপৰিও
হৰ্ষবৰ্ধনৰ ৰাজকবি পণ্ডত বানভট্টৰ ৰচিত হৰ্ষচৰিত, হিউৱেনচাঙৰ চি-উ-কি, বিহাৰৰ
নালন্দাত পোৱা মাটিৰ মোহৰ আদি।
৬। কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম লিখা।
উত্তৰ= কামৰূপ ৰাজ্যৰ চাৰিখন
ৰাজধানী চহৰৰ নাম হ’ল –
প্ৰাগজ্যোতিষপুৰ, কামৰূপ নগৰ, কমতাপুৰ আৰু দুৰ্জ্জয়।
৭। কানাই বৰশীবোৱা শিলালিপিত কি লিখা আছে ?
উত্তৰ= কানাই বৰশী বোৱা
শিলালিপিত উল্লেখ আছে যে ১১২৭ শকৰ চ’ত মাহৰ ১০ তাৰিখে মুছলমানসকল কামৰূপলৈ আহি
পৰাজয় বৰণ কৰিছিল। কানাই বৰশী বোৱা শিলালিপিৰ পৰা অনুমান কৰিব পাৰি সেই সময়ত
প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল কামৰূপ নগৰ।
৮। ক-অংশৰ লগত খ-অংশ মিলোৱা।
উত্তৰ=
ক-অংশ |
খ-অংশ |
এলাহবাদ প্ৰশস্তি |
গুপ্তসম্ৰাট সমুদ্ৰগুপ্তই খোদিত কৰিছিল। |
ডবাক |
কপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য। |
কৰ্ণসুৱৰ্ণ |
গৌড়ৰ ৰাজধানী। |
ৰত্নপাল |
পাল বংশৰ এজন ৰজা |
ত্যাগসিংহ |
শালস্তম্ভ বংশৰ শেষ ৰজা |
নিধানপুৰ তামৰফলি |
কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে খোদিত কৰিছিল। |