Ø অকাল-পকা (পকিবৰ সময় নৌহওঁতেই পকা, সময় নৌহওঁতেই পূৰ্ণ অৱস্থা পোৱা) : সৰুৰ মুখত বুঢ়াৰ কথা, এই অকাল-পকা ছোৱালীজনী কাৰ ?
Ø
অচিন কাঠৰ থোৰা লগা (অপৰাচিত মানুহৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখ) : অচিনা কাঠৰ থোৰা লগোৱা মানুহে বিপদ মাতি আনে।
Ø
অথাই সাগৰ (বৰ ডাঙৰ বিপদ) : তেওঁক এই অথাই সাগৰত ৰক্ষা কৰিবলৈ কোনো নাই।
Ø
অধিক মাছত বগলী কণা (প্ৰচুৰভাৱে পাই আনন্দত ভোগ কৰিবলৈ অক্ষম হ) : ইমানবোৰ হাঁহ দেখি চিকাৰীজন অধিক মাছত বগলী কণা হ’ল ,ভাগ্যেহে তেওঁ শুদা হাতে ফিৰি নাহিল।
Ø
আঁচলৰ ধন (বিপদৰ সম্বল, অতি আদৰৰ বিষয়) : দুখুনীৰ আঁচলৰ ধন একমাত্ৰ ল’ৰাটিকো যমে মাৰি নিলে।
Ø
আগ-মঙহ ( কলিজা, অতি মৰমৰ বিষয়) : কৃপণে ফুটা কড়ি এটাকো বুকুৰ আগ মঙহ যেন দেখে।
Ø
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি (বৰলোকৰ মাজত সামান্য মানুহৰ কাম) : মোক এই সভাত বক্তৃতা দিবলৈ কোৱাটো ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি শুনিবলৈ আগ্ৰহ কৰাহে।
Ø
ইহকাল পৰকাল খা (কোনো বেয়া কাম কৰি ভৱিষ্যত উন্নতিৰ মুদা মাৰ) : ল’ৰাকালত নপঢ়ি নুশুনি তই নিজে নিজেই ইহকাল পৰকাল খাইছ।
Ø
ইহাত সিহাত কৰ (টান সাৰিবলৈ কিছু সময়ৰ বাবে পৰস্পৰৰ সাহাৰ্য ল) : টকা নাই বুলিলে কি হ’ব ? কোনো ৰকমে ইহাত সিহাত কৰি চলা।
Ø উক্ মুক্ কৰ্ ( উশাহ নিশাহ নোপোৱা হ,ততাতৈয়াকৈ কৰ্) : (১) লেপখন মুখত পৰাত কেঁচুৱাটোৱে উক্ মুক্ কৰিবলৈ ধৰিলে। (২) কামটো লাহে লাহে কৰচোন, উক্ মুক্ কৰি নষ্ট নকৰিবি।
Ø
উজান মাৰ্ ( ন পানীত উজাই অহা মাছ) : উজান মাৰিবলৈ গৈ সিদিনা বহুত মাছ পাইছিলোঁ।
Ø
উঠন হ (কন্যাকাল হ) : আগৰ দিনত উঠন নৌহওঁতেই ছোৱালী বিয়া দিয়া ৰীতি আছিল।
Ø
উভলা গছত বাগী কুঠাৰ মাৰ্ (দুৰ্বল মানুহক প্ৰবল অপকাৰ কৰ্) : উভলা গছত বাগী কুঠাৰ মাৰিবলৈ যেয়ে সেয়ে আগবাঢ়ে।
Ø
ঊধই দুৱাৰ মুধই পা (বাধাহীন বা স্বাধীন যেন অনুভৱ কৰ্) : আজি বুঢ়ী নোহোৱাত ল’ৰা-ছোৱালীহঁতে ঊধই দুৱাৰ মুধই পাইছে।
Ø
এক থেকেচা খা (কোনো বেমাৰ আদিত কষ্ট পা) : জ্বৰত সি ভালকৈ এক থেকেচা খালে, এতিয়া টান কাম কৰিবলৈ নিদিবা।
Ø
এটা গৰু যাৰ সকল পথাৰ তাৰ (অলপ চিন্তাই ডাঙৰ চিন্তাৰ কাৰণ হ) : এটা গৰু যাৰ সকল পথাৰে তাৰ হোৱাৰ নিচিনা, মোৰো এটা ল’ৰাকে চম্ভাল দিয়াটো চিন্তাৰ কাৰণ হৈছে।
Ø
এবাৰ সাপে খালে কেঁচুলৈকো ভয় (এবাৰ বিপদত পৰি, পিছলৈ বিপদ নাহোঁতেই ভয় পা) : সিজনী ছোৱালীও একে অসুখতে মৰিছে, এবাৰ সাপে খালে কেঁচুলৈকো ভয় বুলিহে এইবাৰ ভয় কৰিছোঁ।
Ø
ঐদেহি- বৈদেহি (নানা প্ৰকাৰ অৰ্থহীন কথা) : ঐদেহি- বৈদেহি বলকি সময় কটোৱা কিয়?
Ø
ওঁঠ-পাতল (বৰ চহকী, পেটত কথা নথকা) : তাই ওঁঠ পাতল ছোৱালী, কথা কওঁতে কওঁতে পেটৰ কথা ওলাই পৰে।
Ø
ওপৰ মুখে থু পেলালে নিজৰ মুখতে পৰে (কোনো মহান লোকক অপদস্থ কৰিবলৈ যাওঁতে নিজে অপদস্থ হ) : তেওঁৰ গুণৰ কথা নোকোৱাই ভাল, ওপৰ মুখে থু পেলালে নিজৰ মুখতে পৰে।
Ø
ওফন্দি গঙ্গাটোপ হ (গণ্ডপ মাৰি ডাঙৰ হ) : হাতত সামান্য ধন পৰোঁতেই তেওঁ ওফন্দি গঙ্গাটোপ হ’ল।
Ø
ঔৰস নোহোৱা (গৰাকী নোহোৱা) : ল’ৰাটোৰ ঔৰস নোহোৱা যেন পাইছ নেকি যে যেয়ে যেনে ইচ্ছা তেনে ব্যৱহাৰ কৰিবি ?
Ø
ঔৱে কিলোৱা দে (বৰকৈ কিলা) : মাকে ছোৱালীজনীক গেজেপ গেজেপকৈ ভুকুৱাই ঔৱে কিলোৱা দিলে।
Ø