Class 6 Social Science Text Book Question Answers (Govt. School) সমাজ বিজ্ঞান চৰকাৰী বিদ্যালয় ষষ্ঠ শ্ৰেণী

 

Class 6 Social Science Text Book Question Answers

(Govt. School)

ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ

(চৰকাৰী বিদ্যালয় পাঠ্যক্ৰম)

বিষয় : সমাজ বিজ্ঞান


amarvidya.in


পাঠ নং ১

সৌৰজগতত আমাৰ পৃথিৱী


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

ক) সৌৰজগত বুলিলে কি বুজা ?

উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে।


খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।

উত্তৰ:- বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন ।


গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- সূৰ্য হৈছে এটা অতি উত্তপ্ত নক্ষত্ৰ।

            সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। ইয়াৰ নিজা তাপ আৰু পোহৰ আছে। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য প্ৰচুৰ শক্তিৰ উস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে।



২। উত্তৰ দিয়া।

ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?

উত্তৰ:- নক্ষত্ৰ।


খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ:- বুধ।


গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ:- সূৰ্য।


ঘ) ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়?

উত্তৰ:- পপীয়া তৰা বা উল্কা।


৩। পাঠৰ চিত্ৰ-৩ থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া


amarvidya.in


ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ:- নেপচুন।


খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ:- শনি আৰু নেপচুনৰ মাজত অৱস্থিত।


গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ:- তিনি নম্বৰত।


ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ:- বৃহস্পতি।


ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?

উত্তৰ:- মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত।


৪। শুদ্ধ উত্তৰটো লিখা।

ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

     ১। বুধ

     ২। শুক্ৰ

     ৩। মঙ্গলবাৰ

     ৪। শনি

উত্তৰ:- শুক্ৰ।


খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হল-

     ১। ধূমকেতু

     ২। গ্ৰহাণুপুঞ্জ

     ৩। উপগ্ৰহ

     ৪। নক্ষত্ৰ

উত্তৰ:- ধূমকেতু।

 

ছাত্ৰ-ছাত্ৰীয়ে মনত ৰাখিব লগীয়া কিছু তথ্য-

          ১। সূৰ্যৰ বয়স প্ৰায় ৫০০ কোটি বছৰ। ইয়াৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ।

          ২। পৃথিৱীৰ বয়স প্ৰায় ৪৫০০ নিযুত বছৰ। পৃথিৱীয় এপাক ঘূৰিবলৈ ৩৬৫ দিন, ৫ ঘন্টা, ৪৮ মিনিট, ৪৫-৪৭ চেকেণ্ড সময় লাগে। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব প্ৰায় ১৪৯,৫৯৭,৯০০ কিঃমিঃ। ঘন্টাত ১৬৭০ কিঃমিঃ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে।

          ৩। প্লুটোক ২০০৬ চনৰ পিচৰ পৰা বাওনা গ্ৰহ বুলি কোৱা হয়।

          ৪। বৃহস্পতি গ্ৰহ পৃথিৱী গ্ৰহৰ প্ৰায় ১৩১৭ গুণ।

          ৫। ১৬০৯ চনত গেললিঅ গেলিলিয়ে দূৰবীণেৰে প্ৰথমে চন্দ্ৰ পৰ্যবেক্ষণ কৰে।

          ৬। নীল আৰ্মষ্ট্ৰং ১৯৬৯ চনৰ ১৯ জুলাই তাৰিখে চন্দ্ৰত পদাপৰ্ণ কৰা প্ৰথমজন মানৱ।

          ৭। ২০০৮ চনৰ অক্টোৱৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-১ নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে।

          ৮। বিশ্ব ব্ৰক্ষ্মাণ্ডৰ ঘটনাৰাজিৰ সত্যতা প্ৰমাণ কৰিবলৈ মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশ যান প্ৰেৰণ কৰা হয়। ইনছাট(INSAT), আই আৰ এছ (IRS), এডুচেট (EDUSAT) ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ।

          ৯। শুক্ৰ গ্ৰহক পুৱতি ভোটা তৰা আৰু সাঁজ ভোটা তৰা বা সাঁজলী ভোটা তৰা বুলিও কোৱা হয়।

          ১০।

সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাদিক্ৰমে গ্ৰহৰ নাম

গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময়

গ্ৰহৰ ব্যাসৰ দৈৰ্য

(কিঃমিঃ)

উপগ্ৰহৰ সংখ্যা

বুধ

৮৮ দিন

৪,৯৮০ 

নাই

শুক্ৰ

২২৫দিন

১২,৩৯০

নাই

পৃথিৱী

৩৬৫দিন

১২,৭৪০

১টা

মঙ্গল

৬৮৭দিন

৬,৭৫০

২টা

বৃহস্পতি

১১বছৰ

১৪২,৮০০

১৬টা

শনি

২৯বছৰ

১২০,৫০০

৩০টা

ইউৰেনাছ

৮৪বছৰ

৪৯,৭০০

১৫টা

নেপচুন

১৬৪বছৰ

৪৫,০০০

৮টা

 

 

Post a Comment

New comments are not allowed.*

Previous Post Next Post