Class 8
General Science Text Book Question Answer
(Jatiya Vidyalaya Syllabus)
অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ
(জাতীয় বিদ্যালয় পাঠ্যক্ৰম)
বিষয় : নতুন বিজ্ঞান
অধ্যায়- 9
প্ৰাণীৰ প্ৰজনন
(Reproduction in
Animals)
প্ৰশ্নাৱলী
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i) অযৌন প্ৰজননত অপত্য প্ৰাণীৰ সৃষ্টি হয়-
a) যোজনকোষৰ
পৰা b) ডিম্বাণুৰ
পৰা
c) দেহকোষৰ
পৰা d) জননকোষৰ
পৰা
উত্তৰ- c) দেহকোষৰ পৰা।
ii) শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত
a) যোজনকোষৰ
সৃষ্টি হয়
b) জননকোষৰ সৃষ্টি হয়
c) মুকুলৰ সৃষ্টি হয়
d) ক্ল’ন
সন্ততি প্ৰাণীৰ সৃষ্টি হয়
উত্তৰ- a) যোজনকোষৰ সৃষ্টি হয়।
iii) মুকুলোদগমৰে তলত দিয়া কোন প্ৰাণীয়ে প্ৰজনন কৰে ?
a) এমিবা b) কেঁচু c) জেঠী d) হাইড্ৰা
উত্তৰ- d) হাইড্ৰা।
iv) এটা কোষেৰে গঠিত স্ত্ৰীজনন একক হ’ল-
a) শুক্ৰাণু b) ডিম্বাণু c) যোজনকোষ
d) মুকুল
উত্তৰ- b) ডিম্বাণু।
v) তলত দিয়া কোন প্ৰাণীত বহিঃনিষেচন হয় ?
a) ভেকুলী b) সাপ c) কাছ d) এন্দুৰ
উত্তৰ- a) ভেকুলী।
2. খালী ঠাই পূৰ কৰা :
a) _____ প্ৰজনন
একজনকীয়।
উত্তৰ- অযৌন প্ৰজনন
একজনকীয়।
b) ভিন্নতা _____
প্ৰজননৰ দ্বাৰা উপলব্ধ হয়।
উত্তৰ- ভিন্নতা যৌন
প্ৰজননৰ দ্বাৰা উপলব্ধ হয়।
c) অন্তঃনিষেচন _____ দেহৰ
অভ্যন্তৰত হয়।
উত্তৰ- অন্তঃনিষেচন মাতৃ
দেহৰ অভ্যন্তৰত হয়।
d) ৰূপান্তৰ ______ত দেখা
যায়।
উত্তৰ- ৰূপান্তৰ ৰেচম পলুত
দেখা যায়।
e) মানুহৰ ভ্ৰূণ ______ত
বিকশিত হয়।
উত্তৰ- মানুহৰ ভ্ৰূণ মাতৃ গৰ্ভত
বিকশিত হয়।
3. তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা :
a) ডাক বিলড্ প্লেটিপাছ জৰায়ুজ প্ৰাণী।
উত্তৰ- অশুদ্ধ।
b) কুকুৰাত অন্তঃনিষেচন হয়।
উত্তৰ- শুদ্ধ।
c) এমিবা বিভাজনৰে প্ৰজনন কৰে।
উত্তৰ- শুদ্ধ।
d) শুক্ৰাণুৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে।
উত্তৰ- শুদ্ধ।
e) মেকুৰী ডিম্বজ প্ৰাণীৰ উদাহৰণ।
উত্তৰ- অশুদ্ধ।
4. এটা বাক্যত উত্তৰ লিখা :
a) ভেকুলীৰ ৰূপান্তৰিত অপৈণত পলুক কি বোলে ?
উত্তৰ- ভেকুলীৰ ৰূপান্তৰিত অপৈণত পলুক
লালুকী বোলে।
b) পিতৃ
চৰিত্ৰ বহনকাৰী জনন এককটো কি ?
উত্তৰ- পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটো
হৈছে শুক্ৰাণু।
c) স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম কি ?
উত্তৰ- স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম ডিম্বাশয়।
d) মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মবোৰ কি ?
উত্তৰ- মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’মবোৰ হ’ল X আৰু Y ।
5. উত্তৰ লিখা :
a) পৰীক্ষানলীত শিশু সৃষ্টি কৰা প্ৰক্ৰিয়াটো লিখা।
উত্তৰ- পৰীক্ষানলীত শিশু সৃষ্টি কৰা
প্ৰক্ৰিয়াত নাৰীৰ ডিম্বাশয়ৰ পৰা এটা পৈণত ডিম্ব সংগ্ৰহ কৰা হয়। এই ডিম্ব দেহৰ
বাহিৰত কৰ্ষণ মাধ্যমত শুক্ৰাণুৰে নিষেচন কৰোৱা হয়। এই গোটেই প্ৰক্ৰিয়াটো দেহৰ
বাহিৰত হয় বাবে ইয়াক বহিঃস্থিত নিষেচন বা ইন ভিট্ৰো নিষেচন বোলে। পিছত ভ্ৰূণটো জৰায়ুত
সংস্থাপন কৰা হয়। সংস্থাপিত ভ্ৰূণ জৰায়ুত বৃদ্ধি আৰু বিকাশেৰে আন শিশুৰ দৰে জন্ম
লাভ কৰে।
b) মানুহৰ স্ত্ৰী জনন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ নাম লিখা।
উত্তৰ- মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ
বিভিন্ন অংগসমূহৰ নাম হল- এযোৰ ডিম্বাশয়, এযোৰ ডিম্বনলী বা ফেল’পিয়ান নলী, জৰায়ু আৰু যোনী।
c) অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য লিখা।
উত্তৰ- অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য হ’ল-
i) অযৌন প্ৰজনন একজনকীয়। আনহাতে যৌন
প্ৰজনন দ্বিজনকীয়।
ii) অযৌন প্ৰজননত কোনো ধৰণৰ জননকোষৰ
সৃষ্টি নহয়। কিন্তু যৌন প্ৰজননত পুং আৰু স্ত্ৰী জননকোষ যথাক্ৰমে শুক্ৰাশয় আৰু
ডিম্বাশয়ত সৃষ্টি হয়।
iii) অযৌন প্ৰজননত দেহকোষৰ পৰা সন্ততি
প্ৰাণীৰ সৃষ্টি হয়। কিন্তু যৌন প্ৰজননত পুং আৰু স্ত্ৰী জননকোষৰ মিলনত সন্ততি
প্ৰাণীৰ সৃষ্টি হয়।
iv) অযৌন প্ৰজননত সৃষ্টি হোৱা অপত্য
প্ৰাণীবোৰ সদায় আকৃতি-প্ৰকৃতিত জনক প্ৰাণীৰ সৈতে একে হয়। যৌন প্ৰজননত অপত্য
প্ৰাণীবোৰ আনুবংশিকভাৱে পিতৃ-মাতৃ আৰু পৰস্পৰৰ পৰা পৃথক হয় আৰু ভিন্নতা দেখুৱায়।
d) নিষেচন
প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰ- পুৰুষৰ জননকোষ হল শুক্ৰাণু। ই
শুক্ৰাণু পুচ্ছৰ সহায়ত দ্ৰুতগতিত সাঁতুৰি ডিম্বনলীত উপনীত হয়। ইয়াতে শুক্ৰাণু আৰু
ডিম্বাণুৰ মিলন ঘটে। ইয়াকে নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰ
ডিম্বাণুত সোমাই পৰে। পিছত দুটা কোষকেন্দ্ৰৰ মিলন হৈ এটা যোজনকোষ বা নিষিক্ত কণীৰ
সৃষ্টি হয়।
নিষেচন দুই ধৰণে হ’ব পাৰে। যেনে- অন্তঃনিষেচন আৰু
বহিঃনিষেচন। মাতৃদেহৰ ভিতৰত হোৱা নিষেচনক অন্তঃনিষেচন বোলে। অন্তঃনিষেচনত শুক্ৰাণু
আৰু ডিম্বাণুৰ মিলন স্ত্ৰী জনন অংগত (ডিম্বনলীত) সম্পন্ন হয়। বহিঃনিষেচন মাতৃদেহৰ
বাহিৰত, পৰিৱেশত সম্পন্ন হয়। এইবোৰত স্ত্ৰী প্ৰাণীটোৱে পানীত কণী পাৰে আৰু পুৰুষ
প্ৰাণীয়ে পানীত শুক্ৰাণু এৰি দিয়ে। পানীতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে।
5. বিৱৰণ দি উত্তৰ লিখা :
a) মানুহৰ ভ্ৰূণ বিকাশ কেনেকৈ হয় লিখা।
উত্তৰ- মানুহ আৰু আন স্তন্যপায়ী প্ৰাণীৰ
ডিম্ব পীতকহীন। পীতকহীন ডিম্বই ভ্ৰূণৰ বিকাশৰ সময়ত খাদ্য যোগান ধৰিব নোৱাৰে। সেয়েহে
ভ্ৰূণ খাদ্যৰ বাবে মাতৃৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। নিষেচিত ডিম্ব বাৰে বাৰে বিভাজন
হৈ এটা কোষপিণ্ড গঠন কৰে। কোষপিণ্ডটো ডিম্বনলীৰে আহি জৰায়ুত উপস্থিত হয়। প্ৰায় 4 সপ্তাহত কোষপিণ্ডটো জৰায়ুৰ বেৰত সংস্থাপিত হয়। ইয়াক
প্ৰতিস্থাপন বোলে। প্ৰতিস্থাপিত কোষপিণ্ডটোক এতিয়া ভ্ৰূণ বোলে। এই সময়ৰ পৰা
ভ্ৰূণটোৱে পোনে পোনে জনন ফুলৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰি বৃদ্ধি আৰু বিকশিত হয়। পৰ্য্যায়ক্ৰমে
ইয়াৰ বিভিন্ন বহিঃ আৰু অন্তঃ অংগবোৰ, যেনে- হাত, ভৰি, মূৰ, হৃদযন্ত্ৰ, চকু আদি গঠন
হয়। যি স্তৰত দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি তাকে গৰ্ভভ্ৰূণ বা ফিটাছ বোলে। মাতৃ
গৰ্ভত প্ৰায় 40 সপ্তাহত ই পৰিপূৰ্ণতা লাভ কৰে। এই
সময়ছোৱাক গৰ্ভাৱধি সময় বোলে। শিশুই পৰিপূৰ্ণতা লাভ কৰাৰ পিছত মাকে শিশুৰ জন্ম দিয়ে।
b) লিংগ নিৰ্ধাৰণ সম্বন্ধে চমুকৈ লিখা।
উত্তৰ- মাতৃ গৰ্ভত বিকশিত হৈ থকা
শিশুটোৰ লিংগ যোজনকোষৰ কোষকেন্দ্ৰত থকা এযোৰ বিশেষ ক্ৰ’ম’জ’মৰ দ্বাৰা নিৰ্ধাৰিত হয়। এইযোৰ ক্ৰ’ম’জ’মক লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম বোলে। মানুহৰ দুবিধ লিংগ
নিৰ্ণায়ক ক্ৰ’ম’জ’ম আছে, X আৰু Y । মহিলাৰ এইযোৰ ক্ৰ’ম’জ’ম হ’ল XX । পুৰুষত কিন্তু যোৰৰ ক্ৰ’ম’জ’ম দুডাল পৃথক। পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হল XY ।
শিশুৰ লিংগ নিষেচনৰ সময়ত শুক্ৰাণুৰ দ্বাৰা
নিৰ্ধাৰিত হয়। যদি X বহনকাৰী শুক্ৰাণুৱে ডিম্বাণু
নিষেচন কৰে, তেনেহ’লে শিশু স্ত্ৰীলিংগৰ হয়। কাৰণ শিশুৰ লিংগ ক্ৰ’ম’জ’মযোৰ XX হ’ব। Y বহনকাৰী শুক্ৰাণু নিষেচনত অংশগ্ৰহণ কৰিলে শিশুটো পুৰুষ হ’ব। কিয়নো শিশুটোৰ লিংগ ক্ৰ’ম’জ’মযোৰ হ’ব XY ।
c) ৰূপান্তৰ কি ?
উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰ- কিছুমান প্ৰাণীত কণী ফুটি পলু বা
লাৰ্ভা ওলায়। এই লাৰ্ভা দৈহিক আৰু শৰীৰতত্বৰ আমূল পৰিৱৰ্তনৰে পূৰ্ণাঙ্গ অৱস্থা পায়।
লাৰ্ভা আৰু পূৰ্ণাঙ্গ দেখাত সম্পূৰ্ণ বেলেগ হয়। এই পৰিৱৰ্তনকে ৰূপান্তৰ বোলে। উদাহৰণ স্বৰূপে, ৰেচম পলুৰ জীৱন চক্ৰত চাৰিটা পৰ্য্যায় থাকে- কণী,
পলু, লেটা আৰু চকৰী বা মথ। ইয়াৰ পলু বা লাৰ্ভাটো কৃমিৰ দৰে দেখাত হয় আৰু পূৰ্ণাঙ্গ
পৰ্য্যায়টো হ’ল চকৰী বা মথ। মথ পখিলা আৰু বিভিন্ন পতঙ্গত ৰূপান্তৰ
হয়।