Class 8
General Science Text Book Question Answer
(Jatiya Vidyalaya Syllabus)
অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ
(জাতীয় বিদ্যালয় পাঠ্যক্ৰম)
বিষয় : নতুন বিজ্ঞান
অধ্যায়- 4
ধাতু আৰু অধাতু
(Metals and Non-Metals)
প্ৰশ্নাৱলী
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i) জুলীয়া
অধাতুবিধ হ’ল-
a) আয়’ডিন
b) মাৰ্কিউৰি
c) ব্ৰ’মিন
d) ক্ল’ৰিন
উত্তৰ- c) ব্ৰ’মিন।
ii) নিম্নোক্তবোৰৰ ভিতৰত
আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ’ল-
a) ছ’ডিয়াম
b) গেলিয়াম
c) এলুমিনিয়াম
d) টাংষ্টেন
উত্তৰ- b) গেলিয়াম।
iii) হীৰা-
a) নমনীয়
b) ঘাতসহনীয়
c) অতি
কোমল d) উজ্জ্বল
উত্তৰ- d) উজ্জ্বল।
iv) মেগনেছিয়াম
ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুড়ি হ’ল-
a) মেগনেছিয়াম
b) মেগনেছিয়াম
অক্সাইড
c) মেগনেছিয়াম
ছালফেট d) মেগনেছিয়াম
হাইড্ৰ’ক্সাইড
উত্তৰ- b) মেগনেছিয়াম অক্সাইড।
v) পানীত
বুৰাই ৰখা মৌলবিধ হ’ল-
a) ছ’ডিয়াম
b) আইৰন
c) ফছফ’ৰাছ
d) মাৰ্কিউৰি
উত্তৰ- c) ফছফ’ৰাছ।
2. খালী
ঠাই পূৰ কৰা :
i) ধাতু + এছিড → _____ + হাইড্ৰ’জেন
উত্তৰ- ধাতু + এছিড → লৱণ + হাইড্ৰ’জেন
ii) ধাতুৰ
অক্সাইড _____ আৰু অধাতুৰ অক্সাইড _____
ধৰ্মবিশিষ্ট।
উত্তৰ- ধাতুৰ অক্সাইড ক্ষাৰকীয়
আৰু অধাতুৰ অক্সাইড আম্লিক ধৰ্মবিশিষ্ট।
iii) একে
ধৰণৰ কণাৰে গঠিত পদাৰ্থক _____ বোলে।
উত্তৰ- একে ধৰণৰ কণাৰে গঠিত
পদাৰ্থক মৌলিক পদাৰ্থ বোলে।
iv) বৈদ্যুতিক
বাল্বত ফিলামেণ্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল
_____।
উত্তৰ- বৈদ্যুতিক বাল্বত
ফিলামেণ্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল টাংষ্টেন।
v) কাঠপেঞ্চিলত
থকা ক’লা অধাতুবিধ হ’ল
_____।
উত্তৰ- কাঠপেঞ্চিলত থকা ক’লা অধাতুবিধ হ’ল গ্ৰেফাইট।
vi) Zn + CuSO4 → _____ + Cu
উত্তৰ- Zn + CuSO4 → ZnSO4 + Cu
3. নমনীয়তা
আৰু ঘাতসহনীয়তা বুলিলে কি বুজা ?
উত্তৰ- ধাতু এটুকুৰাক মিহি
তাঁৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে নমনীয়তা বোলা হয়।
আনহাতে ধাতু এটুকুৰাক
পাতল পাতলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে ঘাতসহনীয়তা বোলা হয়।
4. ধাতু
আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পাৰ্থক্য লিখা।
উত্তৰ- ধাতু আৰু অধাতুৰ ভৌতিক
ধৰ্মৰ তিনিটা পাৰ্থক্য হ’ল-
(i) ধাতুৰ দ্যুতি থাকে। অধাতু সাধাৰণতে দ্যুতি সম্পন্ন নহয়।
(ii) ধাতুয়ে তাপ আৰু বিদ্যুৎ পৰিবহন কৰে। অধাতুয়ে তাপ আৰু বিদ্যুৎ পৰিবহন নকৰে।
(iii) ধাতু নিনাদী গুণসম্পন্ন। কিন্তু অধাতু নিনাদী গুণসম্পন্ন নহয়।
5. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ- ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য হ’ল-
ভৌতিক
ধৰ্মৰ সহায়ত এবিধ পদাৰ্থক আন পদাৰ্থলৈ ৰূপান্তৰ কৰিব নোৱাৰি। ৰাসায়নিক ধৰ্মৰ সহায়ত
এবিধ পদাৰ্থৰ পৰা আন পদাৰ্থৰ সৃষ্টি হয়।
6. অপসাৰণ
বিক্ৰিয়াৰ বিষয়ে উদাহৰণ সহ লিখা।
উত্তৰ- এবিধ যৌগত থকা কোনো এক মৌলৰ স্থান আন এবিধ মৌলই অধিকাৰ কৰা বিক্ৰিয়াই হ’ল অপসাৰণ বিক্ৰিয়া। এই ক্ষেত্ৰত বেছি সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক অপসাৰণ কৰে। উদাহৰণ স্বৰূপে, আইৰন (Fe) আৰু কপাৰ (Cu)ৰ মাজত আইৰন অধিক সক্ৰিয়। কপাৰ ছালফেট দ্ৰৱত আইৰন যোগ কৰিলে বিক্ৰিয়া ঘটে। বিক্ৰিয়াটো হ’ল-
আইৰন + কপাৰ ছালফেট → আইৰন ছালফেট + কপাৰ
Fe + CuSO4 → FeSO4 + Cu
বিক্ৰিয়াটোৰ পৰা দেখা গ‘ল যে বেছি সক্ৰিয় ধাতু আইৰনে কম সক্ৰিয় ধাতু কপাৰক অপসাৰণ কৰিছে। এনে ধৰণৰ
বিক্ৰিয়াকে অপসাৰণ বিক্ৰিয়া বোলা হয়।
7. ছ’ডিয়াম
ধাতুক কিয় কেৰাছিনত ডুবাই ৰখা হয় লিখা।
উত্তৰ- ছ’ডিয়াম ধাতু অতি
সক্ৰিয়। ই পানী আৰু অক্সিজেনৰ লগত সহজে যোজিত হয়। সেইকাৰণে ইয়াক মুকলিকৈ ৰাখিব
নোৱাৰি। ছ’ডিয়ান ধাতুক কেৰাছিনত ডুবাই ৰখা হয়। তেতিয়া ই বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব
নোৱাৰে।
8. ফছফ’ৰাছক
কিয় পানীত ডুবাই ৰখা হয় লিখা।
উত্তৰ- ফছফ’ৰাছ নামৰ অধাতুবিধ
বিশেষ ধৰণৰ। সাধাৰণ অৱস্থাত ই অক্সিজেনৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে। গতিকে ইয়াক
বায়ুৰ সংস্পৰ্শত ৰাখিব নোৱাৰি। সেয়েহে ফছফ’ৰাছক পানীত ডুবাই ৰখা
হয়।
9. ধাতুৱে
ক্ষাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে লিখা। উদাহৰণ
দিবা।
উত্তৰ- সাধাৰণতে ধাতুৱে
ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
অৰ্থাৎ,
ধাতু + ক্ষাৰক → লৱণ + হাইড্ৰ’জেন গেছ
উদাহৰণ স্বৰূপে, এলুমিনিয়াম (Al) আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH) ৰ মাজৰ বিক্ৰিয়াটোক ল’ব পাৰি। এলুমিনিয়ামে ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ লগত বিক্ৰিয়া কৰি
ছ’ডিয়াম এলুমিনেট (NaAlO2) নামৰ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
এলুমিনিয়াম + ছ’ডিয়াম হাইড্ৰ’ক্সাইড → ছ’ডিয়াম এলুমিনেট + হাইড্ৰ’জেন
Al + NaOH → NaAlO2 + H2
10. এবিধ
ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে। গেছবিধ হাইড্ৰ’জেন
বুলি কেনেকৈ গম পাবা ?
উত্তৰ-
হাইড্ৰ’জেন গেছৰ এটা ধৰ্ম হ’ল হাইড্ৰ’জেন গেছ জ্বলে।
জ্বলিলে ই ধপকৈ শব্দৰ সৃষ্টি কৰে।
এটা কাচৰ বটল লৈ বটলৰ
সাফৰত এডাল ষ্ট্ৰ ভালদৰে আঠা লগোৱা হ’ল। বটলটোত কেইটুকুৰামান জিংক (Zn) ধাতু লৈ অলপ লঘু
ছালফিউৰিক এছিড (H2SO4) ঢালি লগে লগে লাফৰখন
বন্ধ কৰা হ’ল। ষ্ট্ৰডালৰ খোলা মূৰটো এটা অপমাৰ্জক মিহলোৱা পানী ভৰ্তি পাত্ৰত ডুবাই ৰখা হ’ল। বটলৰ ভিতৰত
বুৰবুৰণি উঠি গেছ ওলায় আৰু এই গেছে ষ্ট্ৰডালেৰে আহি চাবোন পানীত বুদবুদৰ সৃষ্টি
কৰে। এতিয়া জুইৰ শিখা বুদবুদৰ কাষলৈ নিলে ধপকৈ শব্দৰ সৃষ্টি হয়। ইয়াৰ পৰা বুজিব
পাৰি যে উৎপন্ন হোৱা গেছবিধ হাইড্ৰ’জেন গেছ।
11. মেগনেছিয়ামে
অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ
কৰিবা লিখা।
উত্তৰ- মেগনেছিয়াম (Mg) জ্বলালে ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে। বিক্ৰিয়াটোত মেগেনেছিয়াম অক্সাইড (MgO)ৰ বগা গুড়ি সৃষ্টি হয়। গুড়িখিনি এখন প্লেটত লৈ দুটোপালমান পানী ভালদৰে
মিহলোৱা হ’ল। এই দ্ৰৱটোত ৰঙা লিটমাছ কাগজ ডুবাই দিলে কাগজখন নীলা হয়। আমি জামো যে ক্ষাৰকে
ৰঙা লিটমাছৰ বৰণ নীলা কৰে। গতিকে ইয়ে প্ৰমাণ কৰে যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা
পদাৰ্থবিধ ক্ষাৰকীয়।
12. ছালফাৰে
অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে। গেছবিধ আম্লিক নে ক্ষাৰকীয়
কেনেদৰে প্ৰমাণ কৰিবা ?
উত্তৰ-
ছালফাৰ (S) এবিধ অধাতু। ইয়াক জ্বলালে ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰে। ফলস্বৰূপে ছালফাৰ ডাইঅক্সাইড (SO2) গেছ উৎপন্ন হয়।
ছালফাৰ + অক্সিজেন → ছালফাৰ ডাইঅক্সাইড
S + O2 → SO2
এখন দহন চামুচত অলপ ছালফাৰৰ গুড়ি লৈ উত্তপ্ত কৰা হ’ল। ক্ষন্তেক উত্তপ্ত কৰিলে ছালফাৰখিনি জ্বলে। তেতিয়া চামুচখন গেছ জাৰ এটাত ভৰাই সাফৰ বন্ধ কৰা হ’ল। তাৰ পাছত জাৰটোত অলপমান পানী ( H2O) ঢালি সাফৰ বন্ধ কৰা হ’ল। লগে লগে জাৰটো লৰাই দিলে গেছখিনি পানীত দ্ৰৱীভূত হ’ব। ফলত ছালফিউৰাছ এছিড (H2SO3) উৎপন্ন হয়।
SO2 + H2O → H2SO3
এই দ্ৰৱটোত নীলা
লিটমাছ ডুবালে কাগজখন ৰঙা হয়। আমি জানো যে এছিডে নীলা লিটমাছৰ বৰণ ৰঙা কৰে। এনেদৰে
প্ৰমাণ কৰিব পাৰি যে ছালফাৰে
অক্সিজেনৰ লগত বিক্ৰিয়া কৰ উৎপন্ন কৰা গেছবিধ আম্লিক।
13. বাঁওফালৰ
প্ৰতিটোৰ সৈতে সোঁফালৰটো মিলোৱা-
উত্তৰ-
বাঁওফাল |
সোঁফাল |
a. ধাতু |
d. নিনাদী গুণসম্পন্ন |
b. কপাৰ |
c. বিদ্যুতৰ সুপৰিবাহী |
c. গেলিয়াম |
e. হাতত ল’লে গলে |
d. ক্ল’ৰিন |
a. পানী বিজাণুমুক্ত
কৰিবলৈ ব্যৱহৃত হয় |
e. ছালফাৰ |
b. অধাতু |