Class 7 General Science Text Book Question Answer (Jatiya Vidyalaya Syllabus) অধ্যায় – 10 : মাটি

 



Class 7 General Science Text Book Question Answer

(Jatiya Vidyalaya Syllabus)

সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ

(জাতীয় বিদ্যালয় পাঠ্যক্ৰম)

বিষয় : নতুন বিজ্ঞান


amarvidya.in


অধ্যায় – 10

মাটি

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ :

i) মাটিৰ কণাৰ আকাৰৰ বৰ্ধমান ক্ৰমটো হল-

a) বালি কণা < পলস কণা < বোকা কণা

b) বোকা কণা < পলস কণা < বালি কণা

c) বালি কণা < বোকা কণা < পলস কণা

d) বোকা কণা < বালি কণা < পলস কণা

উত্তৰ- b) বোকা কণা < পলস কণা < বালি কণা।

ii) অন্তঃস্ৰৱন আটাইতকৈ বেছি হয়-

   a) বালি মাটিত     b) বোকা মাটিত

     c) লোম মাটিত      d) বালি মাটি আৰু বোকা মাটিত

উত্তৰ- a) বালি মাটিত

iii) মৰুভূমিত দিনত যথেষ্ট গৰম; আকৌ ৰাতি যথেষ্ট ঠাণ্ডা। ইয়াৰ কাৰণ হল-

a) মৰুভূমিত ৰদ বেছি

b) মৰুভূমিত বৰষুণ হয়

c) মৰুভূমিত কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প কম

d) মৰুভূমিত কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি

উত্তৰ- c) মৰুভূমিত কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প কম

iv) আধাৰ শিল বুলি কোৱা স্তৰটো হল-

   a) A-স্তৰ    b) B-স্তৰ    c) C-স্তৰ    d) R-স্তৰ

উত্তৰ- d) R-স্তৰ।

2. খালী ঠাই পূৰ কৰাঁ :

a) বোকা মাটিৰ কণাবোৰ আটাইতকৈ _____ আৰু কণাবোৰ _____ হিচাপে থাকে।

উত্তৰ- বোকা মাটিৰ কণাবোৰ আটাইতকৈ সৰু আৰু কণাবোৰ পুঞ্জ হিচাপে থাকে।

b) মাহজাতীয় শস্যৰ বাবে _____ মাটি উপযুক্ত।

উত্তৰ- মাহজাতীয় শস্যৰ বাবে লোম মাটি উপযুক্ত।

c) মাটিৰ C-স্তৰৰ তলত থকা স্তৰটো হ_____ আৰু এই স্তৰটটোক _____ বুলি কোৱা হয়।

উত্তৰ- মাটিৰ C-স্তৰৰ তলত থকা স্তৰটো হR-স্তৰ আৰু এই স্তৰটটোক আধাৰ শিল বুলি কোৱা হয়।

d) শিলৰ _____ ঘটি মাটিৰ সৃষ্টি হয়।

উত্তৰ- শিলৰ বিচূৰ্ণীভৱন ঘটি মাটিৰ সৃষ্টি হয়।

3. মাটি কেইপ্ৰকাৰৰ ? সেইকেইবিধৰ নাম লিখাঁ। কিহৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণীবিভাজন কৰা হৈছে চমুকৈ লিখাঁ।

উত্তৰ- মাটি তিনি প্ৰকাৰৰ। সেইকেইবিধ হৈছে- বালি মাটি, বোকা বা আলতীয়া মাটি আৰু লোম বা বালিঅঁহীয়া মাটি।

     শিল আৰু আন খনিজ পদাৰ্থৰ বিচূৰ্ণীভৱনৰ ফলত সৃষ্টি হোৱা ক্ষুদ্ৰ কণাৰ আকাৰৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণীবিভাজন কৰা হৈছে।

4. অন্তঃস্ৰৱন বুলিলে কি বুজা ? কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰৱন বেছি আৰু কোনবিধৰ কম লিখাঁ।

উত্তৰ- মাটিৰ ভিতৰেৰে পানীৰ নিম্নমুখী গতিকেই অন্তঃস্ৰৱন বুলি কোৱা হয়।

     বালি মাটিৰ অন্তঃস্ৰৱণ বেছি আৰু বোকা মাটিৰ অন্তঃস্ৰৱণ কম।

5. পৰীক্ষাৰদ্বাৰা মটিৰ আৰ্দ্ৰতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখাঁ।

amar bidya
উত্তৰ- এটা পৰীক্ষানলীত দুই চামুচ বাগিছাৰ মাটি লোৱাঁ হল। এতিয়া মাটিখিনি উত্তপ্ত কৰাঁ হল। অলপ পাছতে পৰীক্ষানলীৰ ওপৰ অংশত পানীৰ ক্ষুদ্ৰ টোপাল দেখা যাব, অৰ্থাৎ তাপ পাই মাটিত থকা পানী বাষ্পীভূত হল। এই জলীয় বাষ্প পৰীক্ষানলীৰে ওপৰত উঠিল। পৰীক্ষানলীৰ ওপৰ অংশ তুলনামূলকভাৱে চেচাঁ। ইয়াত জলীয় বাষ্প ঘনীভূত হৈ পানীলৈ পৰিৱৰ্তিত হয়।

6. বালি মাটি খেতিৰ বাবে কিয় উপযুক্ত নহয় বৰ্ণনা কৰাঁ।

উত্তৰ- উদ্ভিদৰ বৃদ্ধিৰ বাবে হিউমাছ আৰু পানী ধৰি ৰাখিব পৰা মাটিৰ প্ৰয়োজন। বালি মাটিত 60% তকৈ অধিক বালি  কণা থাকে। বাকীখিনি বোকা আৰু পলস কণা। বালি মাটিয়ে হিউমাছ আৰু পানী ধৰি ৰাখিব নোৱাৰে। ফলত উদ্ভিদৰ বৃদ্ধি নহয়। সেয়েহে বালি মাটি খেতিৰ বাবে উপযুক্ত নহয়।

7. কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে ? পানী শোষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰাঁ।

উত্তৰ- বোকা মাটিয়ে পানী আটাইতকৈ বেছি শোষণ কৰে।

     বালি, বোকা আৰু লোম মাটি শুকাই গুৰি কৰি তিনিটা ফানেলত ফিল্টাৰ কাগজ লগায় লোৱা হল। প্ৰথম ফানেলটোত বালি মাটি, দ্বিতীয় ফানেলটোত বোকা মাটি আৰু তৃতীয় ফানেলটোত লোম মাটি লোৱা হল। প্ৰতিটো ফানেলৰ তলত বিকাৰ ৰাখি ফানেলটোত 40 মিলিলিটাৰ পানী লাহে লাহে ঢালা হল যাতে আটাইখিনি মাটি ভিজে। শেষত প্ৰতিটো বিকাৰৰ তলত জমা হোৱা পানীৰ মান জোখা হল। বোকা মাটিৰ তলত থকা বিকাৰত হোৱা পানীৰ পৰিমাণ কম হব, কাৰণ বোকা মাটিত পানী শোষণ বেছি হয়।

8. বাঁওফালৰ প্ৰতিটোৰ সৈতে সোঁফালৰ প্ৰতিটোক মিলোৱাঁ :

উত্তৰ-

বাঁওফাল

সোঁফাল

a) O-স্তৰ

iii) অকল জৈৱ পদাৰ্থৰ স্তৰ

b) A-স্তৰ

iv) শিপা মণ্ডল নামেৰেও জনা যায়

c) B-স্তৰ

ii) আইৰন, এলুমিনিয়াম আদি থকা স্তৰ

d) R-স্তৰ

i) আটাইতকৈ টান স্তৰ

 

Post a Comment

New comments are not allowed.*

Previous Post Next Post