লিঙ্গ
যিহৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ সূচিত হয় তাকে লিঙ্গ বোলা হয়। পুৰুষক বুজোৱা শব্দক পুংলিঙ্গ, স্ত্ৰীক বুজোৱা লিঙ্গক স্ত্ৰীলিঙ্গ, স্ত্ৰী আৰু পুৰুষৰ ভেদ ধৰিব নোৱাৰিলে ক্লীৱলিংগ আৰু স্ত্ৰী-পুৰুষ উভয়কে বুজোৱা শব্দক উভয় লিংগ বোলা হয়।কালিৰাম মেধি ডাঙৰীয়াই অসমীয়া ভাষাত লিঙ্গ দুটাহে বুলি কৈছে। “অচেতন পদাৰ্থ বা যাৰ স্ত্ৰী-পুৰুষ চিনিব নোৱাৰি তেনে প্ৰাণীক ক্লীৱলিঙ্গ ধৰা হয়। কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই, পুলিঙ্গ ৰূপে তাৰ ৰূপ।“সাধাৰণতে অসমীয়া ভাষাত লিঙ্গ পৰিবৰ্তন এনেদৰে হয়।
ক) ঈ,অনী,নী,উনী আৰু ৰী প্ৰত্যয় যোগত স্ত্ৰীলিঙ্গ কৰা হয়।
ঈ প্ৰত্যয়
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
নিলাজ |
নিলাজী |
অজলা |
আজলী |
কণা |
কাণী |
নী প্ৰত্যয়
পুংলিঙ্গ |
স্ত্ৰীলিংগ |
নাতি |
নাতিনী |
অনী প্ৰত্যয়
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
কহাঁৰ |
কহাঁৰণী |
কমাৰ |
কমাৰণী |
ফুকন |
ফুকননী |
ভকত |
ভকতনী |
ইনী প্ৰত্যয়
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
নাগ |
নাগিনী |
পিশাচী |
পিশাচিনী |
বাঘ |
বাঘিনী |
মিতা |
মিতিনী |
ৰী প্ৰত্যয়
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
কলা |
কালৰী |
ডেকা |
ডেকেৰী |
খ)শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি-
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
মতা কুকুৰ |
মাইকী কুকুৰ |
মতা মানুহ |
মাইকী মানুহ |
মতা গৰু |
মাইকী গৰু |
গ) পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বেলেগ শব্দ ব্যৱহাৰ কৰি-
পুংলিঙ্গ |
স্ত্ৰীলিঙ্গ |
আতা |
আবু |
ই |
এই |
ককা |
আইতা |
গোলাম |
বান্দী |
চাহাব |
বিবি,মেম |
ছাৰ |
বাইদেউ |
জনক |
জননী |
Tags:
liteture