চৰকাৰৰ প্ৰকাৰ FORMS OF GOVERNMENT

 

চৰকাৰৰ প্ৰকাৰ
FORMS OF GOVERNMENT

 এককেন্দ্ৰিক চৰকাৰঃ

এককেন্দ্ৰিক চৰকাৰ হৈছে সকলো ক্ষমতা এখন কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে।কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰাদেশিক চৰকাৰ থাকিব পাৰে।কিন্তু এই চৰকাৰৰ পৰা ক্ষমতা আহৰণ কৰে।

বৃটেইন ফ্ৰান্স জাপান ইটালি আদি দেশত এককেন্দ্ৰিক চৰকাৰ আছে।আনকি ভাৰতবৰ্ষতো ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন বলব হোৱাৰ আগত এককেন্দ্ৰিক চৰকাৰ আছিল।

 এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যঃ

১।এককেন্দ্ৰিক চৰকাৰৰ মাত্ৰ এখন চৰকাৰ থাকে আৰু সেই চৰকাৰখনে সমগ্ৰ দেশৰ শাসনকাৰ্য পৰিচালনা কৰে।

২।এককেন্দ্ৰিক চৰকাৰৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ নিচিনাকৈ ক্ষমতা বিভাজন ব্যৱস্থা নাই।

৩।এককেন্দ্ৰিক চৰকাৰৰ কেন্দ্ৰীয় আইন সভাখনৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত চূড়ান্ত ক্ষমতা থাকে।

৪।এককেন্দ্ৰিক চৰকাৰৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হল যে ইয়াত সংবিধান নমনীয় নাইবা দৃঢ় হব পাৰে।

৫।এককেন্দ্ৰিক শাসন ব্যৱস্থাত থকা চৰকাৰ ৰাষ্ট্ৰপতি শাসিত হব পাৰে নাইবা মন্ত্ৰী পৰিষদ পৰিচালিত হব পাৰে।

৬।এককেন্দ্ৰিক শাসন ব্যৱস্থাত ন্যায়পালিকাৰ কোনো কৰ্তৃত্ব নাথাকে।

৭।এককেন্দ্ৰিক চৰকাৰৰ আন এটা বৈশিষ্ট্য হল যে ইয়াত একক নাগৰিকত্ব বিধান আছে।

৮। এককেন্দ্ৰিক চৰকাৰৰ স্বায়ত্ত শাসনৰ বিধান নাই।

৯।এককেন্দ্ৰিক চৰকাৰৰ ক্ষমতা বিভাজনৰ বিধান নাই।

১০।কেন্দ্ৰীয় চৰকাৰৰ সংবিধান লিখিত বা অলিখিত হব পাৰে।

 

চৰকাৰৰ প্ৰকাৰ  FORMS OF GOVERNMENT

এককেন্দ্ৰিক চৰকাৰৰ গুণঃ

১।ই এখন অতি কাৰ্যদক্ষ চৰকাৰ।একে আইন,একে নীতি,একে প্ৰশাসন হোৱাৰ কাৰণে ই অতি দক্ষতাৰে কাম কাজ পৰিচালনা কৰিব পাৰে।

২।এককেন্দ্ৰিক চৰকাৰে ৰাষ্ট্ৰীয় ঐক্য সিদ্ধি কৰাত সহায় কৰে।

৩। এককেন্দ্ৰিক চৰকাৰৰ আন এটা সুবিধা হল যে নমনীয়।

৪। আন এটা সুবিধা হল যে এককেন্দ্ৰিক চৰকাৰে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে।

৫।আন এটা গুণ এটা হল যে এককেন্দ্ৰিক চৰকাৰ জৰুৰীকালীন অৱস্থা অতি প্ৰয়োজন।

এককেন্দ্ৰিক চৰকাৰৰ দোষঃ

১। এককেন্দ্ৰিক চৰকাৰত নাগৰিকৰ ৰাজনৈতিক চেতনা বৃদ্ধি নহয়।তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দেশৰ শাসন কাৰ্যত অংশ গ্ৰহণ কৰিবলৈ সুবিধা নোপোৱাৰ কাৰণে কাম কৰাৰ প্ৰতি আগ্ৰহ নাথাকে।

২।এককেন্দ্ৰিক চৰকাৰত বিভিন্ন অঞ্চলৰ সমস্যাবিলাকৰ বিষয়ে সম্যক ধাৰণা লাভ কৰিব নোৱাৰে।

৩।এককেন্দ্ৰিক চৰকাৰত আমোলতন্ত্ৰৰ প্ৰভাৱ বেছি।

৪।এককেন্দ্ৰিক চৰকাৰ শাসন ব্যৱস্থা বৃহ আকাৰৰ দেশ বিলাকৰ কাৰণে উপযোগী নহব।

৫।এককেন্দ্ৰিক চৰকাৰৰ বিক্ষোভ বিপ্লৱ আদি হোৱাতো সম্ভাৱনা থাকে।এই শাসন ব্যৱস্থা বিভিন্ন অঞ্চলৰ লোকে আৱশ্যকীয় সা-সুবিধা নোপোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি বিৰূপ মনোভাৱ গ্ৰহণ কৰি বিক্ষোভ বা বিদ্ৰোহৰ সূচনা কৰিব পাৰে।ইয়াৰ ফলত জনসাধাৰণে শান্তিপূৰ্ণভাৱে জীৱন-যাপন কৰাটো অসুবিধা হয়।

Post a Comment

New comments are not allowed.*

Previous Post Next Post