১/ এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলে কৰিব পাৰে। জৰ্জ হাৱাৰ্ট।
২/ মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি। মহাত্মা গান্ধী।
৩/ যিজনে কিছু পৰিমাণে হ'লেও আনৰ কথা নাভাৱে তেওঁ জীয়াই থকাটো অৰ্থহীন। মিন্টেইন।
৪/ চিন্তা কৰাৰ আগতে সদায় এবাৰ চিন্তা কৰিবা । ষ্টেনিশ্ললেক।
৫/ অধমে দোষ বিচাৰে, মধ্যজনে দোষ -গুণ আৰু উত্তম জনে কেৱল গুণহে বিচাৰে। লেলিন।
৬/ নিজৰ ওপৰত বিশ্বাস নথকা লোকে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে। নেপোলিয়ান।
৭/ আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া। হেম বৰুৱা।
৮/ শিক্ষক এজন মমবাতিৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। সুভাষ চন্দ্ৰ বসু।
৯/ পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। ৰবীন্দ্ৰনাথ ঠাকুৰ।
১০/ মদ্যপান অস্থায়ীভাৱে আত্মহত্যাৰ লেখীয়া, ই যি সুখ কঢ়িয়াই আনে সেয়া প্ৰকৃততে দুখহে।
১১/ নামত কি আছে! গোলাপ ফুলক বেলেগ নাম দিলেও তাৰ সুগন্ধি একেই থাকিব। শ্বেইকছপীয়েৰ।
১২/ এহেজাৰজন পুৰোহিততকৈ এজন ভাল বিদ্যালয়ৰ শিক্ষক বেছি মূল্যবান। ববাৰ্ট ইঙ্গণৰছল।
১৩/ ভুল জনাতকৈ একো নজনাই ভাল। শ্বেইকছপীয়েৰ।
১৪/ শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। ছক্ৰেটিছ।
১৫/ মহৎ কাম মহৎ ত্যাগৰ দ্বাৰাহে সম্ভৱ। স্বামী বিবেকানন্দ।
১৬/ প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা অথবা আমোদ নিবিচাৰে। জগদীশ বসু।
১৭/ আনৰ দোষ দেখাতো সহজ কিন্তু নিজৰ দোষ দেখাতো কঠিন। বুদ্ধদেৱ।
১৮/ এখন কিতাপ নষ্ট কৰা আৰু এজন মানুহক হত্যা কৰা একে কথা। মিল্টন।
১৯/ আদৰ্শহীন মানুহ বঠা নথকা নাৱৰ দৰে। মহাত্মা গান্ধী।
২০/ উন্নতিৰ বাবে শান্তিৰ অতি প্ৰয়োজন। স্বামী বিবেকানন্দ।
২১/ ভুল আতৰাই সত্যক প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। ছক্ৰেটিছ।
২২/ এজন বিশ্বাসী বন্ধু জীৱনৰ মহৌষধ। টিৰুক কুৰাল।
২৩/ মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ পাত্ৰ হোৱাতো বেছি গুৰুত্বপূৰ্ণ। জৰ্জ মেকভনাভ।
২৪/ জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই। যীখুখ্ৰীষ্ট।
২৫/ এজন সৎ লোক ঈশ্বৰৰ মহৎ সৃষ্টি। ৰবাৰ্ট বাৰ্ণছ।