ছোৱালী শিক্ষাৰ্থীক শিক্ষাত অন্তৰ্ভুক্তিকৰণ গুৰুত্ব সম্পৰ্কে লিখা। এইসকল শিক্ষাৰ্থীৰ বাবে থকা বিশেষ সুবিধাসমূহ উল্লেখ কৰা-
শিক্ষা ব্যৱস্থাৰ লগত ছোৱালী বা মহিলা শিক্ষাৰ্থীসকলক অন্তৰ্ভুক্তিকৰণ আধুনিক শিক্ষা ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। কাৰণ অতি পুৰণি দিনৰে পৰাই শিক্ষাৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ এক সুস্পষ্ট ছবি দেখিবলৈ পোৱা যায়। শিক্ষাৰ আধুনিক ধ্যান ধাৰণাই এই লিংগ বৈষম্যক আঁতৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হয়। ভাৰতীয় সংবিধানেও উল্লেখ কৰিছিল “ৰাষ্ট্ৰই যিকোনো নাগৰিকক লিংগ অনুযায়ী বৈষম্য নেদেখুৱায়।“ সংবিধানত আকৌ উল্লেখ কৰিছিল যে- “আমাৰ মানৱ সম্পদৰ পূৰ্ণ বিকাশৰ কাৰণে, পৰিয়ালবোৰৰ উন্নতি আৰু শিশুৰ আটাইতকৈ আকৰ্ষণীয় শৈশৱ কালৰ বছৰ কেইটাত চৰিত্ৰ গঠনৰ বাবে, ছোৱালী শিশুৰ শিক্ষা, ল’ৰাৰ শিক্ষাতকৈ অধিক গুৰুত্বপূৰ্ণ।“
কোঠাৰী আয়োগ, ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি, সৰ্বশিক্ষা অভিযান আঁচনি, জিলা প্ৰাথমিক শিক্ষা আঁচনি আদি আঁচনি সমূহতে মহিলাসকলক শিক্ষাৰ অগ্ৰাধিকাৰৰ বাবে বহুতো নীতি গ্ৰহণ কৰা হৈছিল যদিও, বৰ্তমানো কিন্তু মহিলা সকলক সম্পূৰ্ণৰূপে শিক্ষিত কৰি তুলিব পৰা হোৱা নাই। ভাৰতবৰ্ষত বৰ্তমানো সৰহ সংখ্যক লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। অৰ্থনৈতিকভাৱে দুৰৱস্থাত ভোগা এনে পৰিয়ালৰ অভিভাৱকসকলে সাধাৰণতে ছোৱালী শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰাতকৈ ল’ৰা সন্তানক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতহে অধিক প্ৰাধান্য প্ৰদান কৰে। ছোৱালী শিক্ষাৰ্থীৰ এই দুৰৱস্থাৰ মূলতেই হ’ল আমাৰ সমাজত পূৰ্বপুৰুষৰ পৰা চলি অহা পুৰুষ প্ৰধান মানসিকতা। আজি বহু শতিকা অতিক্ৰম কৰাৰ পিছতো কিন্তু এনে মানসিকতাৰ পৰিবৰ্তন হোৱা নাই। বহুতো অভিভাৱকে বৰ্তমানেও বিশ্বাস কৰে যে ছোৱালীসকলৰ জীৱনৰ প্ৰধান ধৰ্ম হ’ল ঘৰ সংসাৰৰ দায়িত্ব পালন কৰা আৰু সন্তানৰ লালন-পালন কৰা এনে মানসিকতাৰ বাবেই ছোৱালী শিক্ষাৰ্থীসকলক শিক্ষা-দীক্ষা দি সু নাগৰিক কৰি গঢ়ি তোলাৰ পৰিৱৰ্তে বিয়া দি উলিয়াই দিয়াৰ প্ৰৱণতাহে অধিক দেখা যায়, যাৰ বাবে এই সকল শিক্ষাৰ্থী শিক্ষাৰ ক্ষেত্ৰত আজি পৰ্যন্ত বৈষম্যৰ বলি হোৱাৰ লগতে যথেষ্ট পিছপৰি আছে। আনহাতে অভিভাৱকসকলৰ সৰহ সংখ্যকেই নিৰক্ষৰ হোৱাৰ লগতে যথেষ্ট পিছপৰি আছে।
শিক্ষা ব্যৱস্থাত ছোৱালী শিক্ষাৰ্থসকলৰ অন্তৰ্ভুক্তিকৰণে বিশেষভাৱে সহায় কৰিব পাৰে-
১) মহিলা শিক্ষাৰ্থীক শিক্ষাত শিক্ষাত অন্তৰ্ভুক্তিকৰণে পুৰুষ-মহিলাৰ মাজত থকা শিক্ষাগত বৈষম্য আঁতৰ কৰাত সহায় কৰে।
২) মহিলা শিক্ষাৰ্থীক অন্তৰ্ভুক্তিকৰণে পুৰুষৰ সমানে শৈক্ষিক সুবিধা গ্ৰহণ কৰাত সহায় কৰে।
৩) শিক্ষাত অন্তৰ্ভুক্তিকৰণে মহিলাসকলক সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ সবল কৰি তোলে।
৪) শিক্ষাত অন্তৰ্ভুক্তিকৰণে অৰ্থনৈতিক সজাগতা, ৰাজনৈতিক সজাগতা, সামাজিক সচেতনতা আদি গুণবোৰৰ বিকাশ সাধন কৰে।
৫) মহিলাৰ অন্তৰ্ভুক্তিকৰণে পুৰুষতান্ত্ৰিক শিক্ষাৰ ধাৰণাক নিয়ন্ত্ৰণ কৰিব পাৰে।
৬) শিক্ষাত মহিলাক অন্তৰ্ভুক্তিকৰণে অন্ধবিশ্বাস, ৰক্ষণশীলতা আদি প্ৰতিৰোধকতাত সহায় কৰে।
৭) শিক্ষাত মহিলাৰ অন্তৰ্ভুক্তিকৰণে দেশ তথা সমাজৰ বিকাশত অৰিহণা যোগাব পাৰে।
৮) মহিলাৰ অন্তৰ্ভুক্তিকৰণৰ ফলত মহিলাসকলে আইন সংগত নাৰীৰ অধিকাৰ সমূহৰ বিষয়ে অৱগত হোৱাৰ সুযোগ পায়।
৯) মহিলা সকলক শিক্ষাত অন্তৰ্ভুক্তিকৰণৰ ফলত মহিলাসকলে বৃত্তিমুখী তথা কাৰিকৰী শিক্ষাৰ দ্বাৰা স্বাৱলম্বী তথা অৰ্থনৈতিকভাৱে সবলস্থিতি গ্ৰহণ কৰিব পাৰে।
পিছপৰা ছোৱালী শিক্ষাৰ্থীসকলক চামিল বা অন্তৰ্ভু্ক্তি কৰিবলৈ হ’লে বিশেষ কেতবোৰ ব্যৱস্থা বা সা –সুবিধা প্ৰদান কৰাটো অতি দৰকাৰী। সেই সা-সুবিধাবোৰৰ ভিতৰত বিশেষ কেইটামান উল্লেখযোগ্য সা-সুবিধা হ’ল-
১) ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে পিছপৰা অঞ্চল সমূহত নিৰ্দিষ্ট দূৰত্বৰ আঁতৰে আঁতৰে সুকীয়া স্কুল স্থাপন কৰা।
২) পিছপৰা ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া যাতায়াত ব্যৱস্থা কৰাটো প্ৰয়োজন।
৩) ছোৱালী শিক্ষাৰ্থীসকলক বিদ্যালয়ত সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰাটো প্ৰয়োজন।
৪) ছোৱালী শিক্ষাৰ্থীসকলক স্কুলত প্ৰয়োজনীয় শৈক্ষিক পৰামৰ্শ প্ৰদান কৰিব লাগে।
৫) শিক্ষনীয় কাৰ্যসূচী তথা পাঠ্যক্ৰমত ছোৱালী সকলেও অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা থাকিব লাগে।
৬) ছোৱালী শিক্ষাৰ্থীসকলক প্ৰেৰণা দিবলৈ বিদ্যালয়বোৰত অধিক সংখ্যক মহিলা শিক্ষয়িত্ৰী নিয়োগ কৰিব লাগে।
৭) স্কুলৰ কাৰ্যসূচীত মহিলা অভিভাৱক বা মাতৃসকলক অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব লাগে।
৮) শিশুসকলক লিংগ সচেতনতাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।
৯) ছাত্ৰ একতা সভাত ছোৱালী শিক্ষাৰ্থীসকলক অংশীদাৰ হোৱাৰ সুযোগ দিব লাগে।
প্ৰধানকৈ এনে ব্যৱস্থাত শিক্ষাৰ মাজত থকা লিংগ বৈষম্য বহু পৰিমাণে আঁতৰ কৰিব পৰা যাব।