পকেটমাৰৰ অসুবিধা-
ৰাজুই এদিন তাৰ পকেটমাৰ বন্ধু এজনক বাটতে লগ পাই সুধিলে- আৰে কি খবৰ ভাই ?
বহু দিনৰ মূৰত দেখিলোঁ। ধাণ্ডা কেনে চলিছে ?
নৱ- নকবি আৰু ভাই একেবাৰে বেয়া।
ৰাজু- বেয়া কিয় ?
নৱ- ইমানকৈ জাৰ পৰিছে পকেট মাৰিবই নোৱাৰা হৈছোঁ।
ৰাজু- ঠাণ্ডাৰ বাবে পকেট মাৰিব পৰা নাই, কিন্তু কিয় ?
নৱ- ইমান ঠাণ্ডাত মানুহে নিজৰ পকেটত নিজে হাত সুমুৱাই থাকে। আমি কেনেকৈ সুমুৱাম ?
ভেবাৰাম
ভেবাৰাম ছুইমিং পুল এটাৰ ৰখীয়াৰ কামত সোমাল।
ৰাজু- ভেবাৰাম তোৰ হাতখন কেনেকৈ ভাঙিল ?
ভেবাৰাম- কালি ছুইমিং পুল এটাত ১০ ফুট ওপৰৰ পৰা ডাইভ মাৰিছিলোঁ
ৰাজু- পানীত পৰি হাত ভাঙিল ? কি আচৰিত! কিন্তু ৰ' তই দেখোন সাঁতুৰিবলৈ নাজান', পানীত জাঁপ দিছিলি কেলেই ?
ভেবাৰাম- সাঁতুৰিব নাজানোঁ বাবেইতো কালি পুলত জঁপিয়াইছিলোঁ।
ৰাজু- মানে ?
ভেবাৰাম- মই জপিওৱা সময়ত পুলত পানীয়েই নাছিল।