পৰিৱেশ প্ৰদূষণ - Environmental Pollution

 

পৰিৱেশ প্ৰদূষণ

        ভৌতিক,ৰাসায়নিক নাইবা জৈৱিক কাৰকৰ প্ৰভাৱত পৰিৱেশত থকা বায়ু, পানী নাইবা মাটিৰ প্ৰতিকূল নাইবা অনাকাংক্ষিত পৰিৱৰ্তন হোৱাকে পৰিৱেশ প্ৰদূষণ বোলে। যিবোৰ কাৰকৰ প্ৰভাৱত পৰিৱেশ পৰিৱৰ্তন বা বিনষ্ট হয় সেইবোৰকে প্ৰদূষণ বোলে।

        প্ৰদূষণ বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা। সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত মানুহে পৰিৱেশত নানা ধৰণৰ অবাঞ্চিত ক্ৰিয়া কলাপ আৰম্ভ কৰিব লৈছে।

AMAR VIDYA

        বিভিন্ন পৰিৱেশ বিজ্ঞানীয়ে প্ৰদূষণৰ নানবিধ সংজ্ঞা প্ৰণয়ন কৰিছে। বিজ্ঞানী ওডাম(Odum, ১৯৭১)ৰ মতে আমাৰ পৰিৱেশত থকা বায়ু পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক নাইবা জৈৱিক বৈশিষ্ট্যৰ যি অবাঞ্চিত পৰিৱৰ্তনৰ ফলত মানৱ জীৱনৰ বাবে নাইবা মানুহৰ কৃষ্টি ৰক্ষাৰ বাবে, কোনো প্ৰজাতিৰ বাবে নাইবা কোনো সাংস্কৃতিক বা প্ৰাকৃতিক সম্পদৰ বাবে ক্ষতিকাৰক তাকেই প্ৰদূষণ বোলে। আকৌ পৰিৱেশ বিজ্ঞানী ছাউথউইকৰ(১৯৭৬)ৰ মতে, মানুহৰ কাৰ্য্যৰ ফলত সৃষ্টি হোৱা অবাঞ্চিত পৰিৱেশকেই প্ৰদূষণ বুলি কৈছে।


প্ৰদূষণ কাৰকৰ শ্ৰেণীবিভাজন-

১) ক্ৰম ক্ষয়যুক্ত (Degradable)-

         যিবোৰ পদাৰ্থ প্ৰাকৃতিক পৰিৱেশত ক্ষয়প্ৰাপ্ত হৈ বিষহীন হৈ পৰে আৰু পৰিৱেশত স্বাভাৱিক ভাৱে চক্ৰাকাৰে আৱৰ্ত্তিত হয় সেইবোৰ পদাৰ্থক ক্ৰমক্ষয় যুক্ত পদাৰ্থ বোলে।পাৰিপাৰ্শ্বিকতাত থকা নানা ধৰণৰ জৈৱ প্ৰদূষণ কাৰক পদাৰ্থবোৰ সাধাৰণতে ক্ৰমক্ষয় যুক্ত পদাৰ্থ। পৰিৱেশত এইবোৰ পদাৰ্থৰ পৰিমাণ অতি বেছি হলে বস্তুতান্ত্ৰিক সংকটে দেখা দিয়ে।

২) ক্ৰমক্ষয়হীন (Non degradable)-

         প্ৰাকৃতিক পৰিৱেশত যিবোৰ পদাৰ্থৰ ক্ৰমক্ষয় নঘটে তেনেবোৰ পদাৰ্থক ক্ৰমক্ষয়হীন পদাৰ্থ বোলে। উদাহৰণস্বৰূপে- এলুমিনিয়াম, মাৰ্কিউৰিক লৱণ গেমাক্সিন, এলড্ৰিন, পলিথিন ইত্যাদি।


সাধাৰণ প্ৰদূষণ কাৰক পদাৰ্থসমূহ-

        ক) বাষ্প বা গেছ : ছালফাৰ-ডাই অক্সাইড , কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মনস্কাইড, নাইট্ৰ'জেন অক্সাইড, এমনিয়াক্ল'ৰিন ইত্যাদি।

        খ) ৰাসায়নিক যৌগ : এলডিহাইড, আৰ্ছেনাইড, ডিটাৰজেন্ট, হাইড্ৰ'জেন ক্ল'ৰাইড ইত্যাদি।

        গ) ধাতু : এলুমিনিয়াম, সীহ, দস্তা, লো, ক্ৰমিয়াম, কেডমিয়াম, মেংগানিজ, আৰ্ছেনিক, নিকেল ইত্যাদি।

        ঘ) কণাযুক্ত পদাৰ্থ : ধোঁৱা, ধূলি-বালি, আলকাতৰা, এলান্ধু ইত্যাদি।

 

প্ৰদূষণৰ প্ৰকাৰ :

        ১) বায়ু প্ৰদূষণ

        ২) পানী প্ৰদূষণ

        ৩) মাটি প্ৰদূষণ

        ৪) সাগৰীয় জলৰাশিৰ প্ৰদূষণ

        ৫) শব্দ প্ৰদূষণ

        ৬) তাপজনিত প্ৰদূষণ

        ৭) নিউক্লীয় বিপৰ্য্যয়


প্ৰদূষণৰ পৰা মুক্ত কৰি পৰিৱেশক সংৰক্ষণ কৰিবলৈ হলে তলত উল্লেখ কৰা দিশসমূহলৈ মন কৰিব লাগিব-

        অ) কল-কাৰখানা, শিল্প উদ্যোগ সমূহ জনবসতি অঞ্চলৰ পৰা যথেষ্ট আঁতৰত স্থাপন কৰা প্ৰয়োজন। কাৰণ এইবোৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, ধাতৱ পদাৰ্থ আৰু পেলনীয়া পানীয়ে পৰিৱেশ দূষিতকৰণত যথেষ্ট পৰিমাণে অৰিহণা যোগায়। উদ্যোগত চাইক্ল'ন, ফিল্টাৰ, ইলেক্ট্ৰ'ষ্টেটিক যন্ত্ৰ, স্ক্ৰাবাৰ আদি ব্যৱহাৰ কৰি বস্তুকণাৰ লগতে নানা ধৰণৰ বিষাক্ত গেছ পৃথক কৰিব পাৰি।

        আ) বিভিন্ন স্থানৰ পৰা ওলোৱা আৱৰ্জনাবোৰ সংগ্ৰহ কৰি বিজ্ঞানসন্মত পুনৰাবৰ্তনৰ ব্যৱস্থা কৰিব লাগে। এনে ধৰণেৰে জৈৱসাৰ, জৈৱগেছ আদি প্ৰস্তুত কৰিব পাৰি।

        ই) জৈৱিক ইন্ধনৰ সলনি অপৰম্পৰাগত ইন্ধনৰ সন্ধান কৰিব লাগে। বিশেষকৈ ছালফাৰ যুক্ত কয়লা আৰু সীহযুক্ত পেট্ৰ'লৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে।নবীকৰণ শক্তি চৰ্চৰ প্ৰতি মানুহৰ আকৰ্ষণ কৰিব লাগে।

        ঈ) CFC (ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন)ৰ ব্যৱহাৰ বন্ধ কৰিব লাগে।

        উ) প্ৰাকৃতিক পানীৰ উৎস বিলাক ভালদৰে সংৰক্ষণ কৰিব লাগে।

        ঊ) নানা ধৰণৰ আৱৰ্জনা আৰু তেলজাতীয় পদাৰ্থৰ সাগৰত নিৰ্গমন কৰা বন্ধ কৰিব লাগে।

        ঋ) এই সকলোবোৰৰ উপৰিও জনসাধাৰণৰ মাজত পৰিৱেশ প্ৰদূষণৰ বিপক্ষে সজাগতাৰ সৃষ্টি কৰিব লাগে।

 

Post a Comment

Previous Post Next Post